নিয়মীয়া বাৰ্তা ৭ জুনঃ ক’ভিড–১৯ মহামাৰীয়ে দেশৰ অন্যান্য ৰাজ্যৰ দৰে ৰাজস্থানৰ শিল্পীসকলৰ জীৱনলৈও নমাই আনিছে অমানিশা৷ দুর্ভিক্ষৰ কবলত পৰিছে ৰাজস্থানৰ লোকশিল্পীসকল৷ ক’ভিড মহামাৰীয়ে এই শিল্পীসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে অভাৱনীয় সংকট৷ প্রথমটো ক’ভিড জোৱাৰৰ সময়ত ৰাজস্থানৰ সচ্ছল লোকশিল্পীসকলে দৰিদ্রতাৰ সৈতে যুঁজি থকা শিল্পীসকলক সহায় কৰিছিল৷ কিন্তু এইবাৰ লোকশিল্পীসকলৰ গৰিষ্ঠসংখ্যকৰেই ক্রয় ক্ষমতা হ্রাস পাইছে৷ আনকি বহু লোকশিল্পীয়ে অনাহাৰে দিন কটাবলগীয়া হৈছে মহামাৰীৰ এই সংকটৰ সময়ত৷
মেহবুব খান নামৰ বার্মেৰ জিলাৰ শিল্পীগৰাকীয়ে উল্লেখ কৰিছে যে ক’ভিড মহামাৰীৰ প্রথমটো জোৱাৰত তেওঁ বহু লোকশিল্পীক সহায় কৰিছিল৷ কিন্তু এইবাৰ তেওঁ নিজেই সকলোৰেই ওচৰত সহায় ভিক্ষা কৰিবলগীয়া হৈছে৷ সেইদৰে কাটলা খান নামৰ শিল্পীগৰাকীয়ে যোৱা বছৰৰ পৰাই ক’ভিড মহামাৰীৰ বাবে কর্মহীন হৈ বিভিন্ন স্থানত ভিক্ষা কৰিবলগীয়া হৈছিল৷
লক্ষণীয়ভাৱে সকলো সাংস্কৃতিক কার্যসূচী, বিবাহ তথা অন্যান্য মাংগলিক অনুষ্ঠানসমূহত অতি কম মাননি লৈ এই শিল্পীসকলে কোনোমতে জীৱন–জীৱিকা চলাই আহিছে৷ মহামাৰীৰ লকডাউনৰ ফলত তেওঁলোকৰ সকলো কাম বন্ধ হৈ পৰিছে৷