নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ প্রহাৰত যুৱকৰ মৃত্যুক কেন্দ্র কৰি ৰূপহীহাটত তীব্র উত্তেজনা

সান্ধ্য আইন ভংগ কৰি গেৰেকী গাঁৱত যুৱকৰ দলে খেলিছিল ক্রিকেট

নিয়মীয়া বাৰ্তা ১০ জুনঃ ৰাজ্যখনত মিনি লকডাউন চলি থকাৰ সময়তে ৰূপহীহাটৰ গেৰেকী গাঁৱত আৰক্ষীৰ প্রহাৰত এজন যুৱকৰ মৃত্যুক কেন্দ্র কৰি অঞ্চলটোত তীব্র উত্তেজনা সৃষ্টি হয়৷ এটা সময়ত পৰিস্থিতি ভয়ংকৰ হৈ উঠাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰে৷ অভিযোগ অনুসৰি বুধবাৰে গেৰেকী গাঁৱত আবেলিৰ ভাগত একাংশ যুৱকে ক্রিকেট খেলি আছিল৷ সেই সময়তে নিয়মীয়া টহলত অহা ৰূপহী আৰক্ষীৰ এটা দলে ক’ভিড প্রট’কল ভংগৰ অভিযোগত যুৱকৰ দলটোক প্রহাৰ কৰে৷ আৰক্ষীৰ প্রহাৰৰ পাছতেই যুৱকৰ দলটোৰ দুজনমানে ওচৰতে থকা বিল এখনত জঁপিয়াই পৰে৷

ইয়াৰে লাওখোৱাৰ বাসিন্দা ছোৱাইব আখতাৰ (২২) নামৰ যুৱকজন সাঁতুৰিব নজনা বাবে পুখুৰীত পৰি মৃত্যুক আঁকোৱালি লয়৷ পাছত যুৱকজনক ৰূপহীহাট হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ লগে লগে অঞ্চলটোত তীব্র উত্তেজনা সৃষ্টি হয়৷ উত্তেজিত যুৱকসকলে হাস্পতালতে আৰক্ষীৰ বিৰুদ্ধে প্রতিবাদমুখৰ হৈ পৰে৷ কিন্তু আৰক্ষীৰ প্রহাৰত এজন যুৱকৰ মৃত্যু হোৱাৰ আধা ঘণ্টা পাছতো আৰক্ষীয়ে কোনো খবৰ নোলোৱাত ৰাইজ অধিক উত্তেজিত হৈ পৰে৷

উত্তেজিত ৰাইজে ছোৱাইব আখতাৰৰ মৃতদেহ ৰূপহীহাট থানালৈ আনি তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ লগতে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ ক্ষুব্ধ শ শ লোকে আৰক্ষীৰ দাদাগিৰি নচলিব, আমাক ন্যায় দিয়ক, দোষী বিষয়াক কঠোৰ শাস্তি প্রদান কৰক আদি বিভিন্ন ধৰণৰ শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে৷ ৰাইজৰ প্রতিবাদত পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছ পর্যন্ত নিক্ষেপ কৰিবলগী হয়৷ এই বাতৰি যুগুতোৱাৰ পৰলৈকে শ শ লোকে ৰূপহীহাট আৰক্ষী থানাৰ সন্মুখত প্রতিবাদ অব্যাহত ৰাখিছে৷

You might also like