নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰ অবৈধ

নিয়মীয়া বাৰ্তা ১০ জুনঃ বিটিআৰৰ ১৬টাকৈ গুৰুত্বপূর্ণ বিভাগ চোৱাচিতাৰ বাবে বিটিচি সচিবালয়ে এক নির্দের্শনা জাৰি কৰি চাৰিখন জিলাৰ উপায়ুক্ত সকলক ক্ষমতা হস্তান্তৰ কৰাক লৈ দল–সংগঠনৰ মাজত তুমুল প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইপিনে সংবিধানৰ ষষ্ঠ অনুসূচীৰ দ্বাৰা বিটিচিৰ উন্নয়নৰ বাবে দিয়া ক্ষমতা এতিয়া বিটিচিৰ নেতাসকলে উপায়ুক্তসকলক অর্পণ কৰা কার্যক আজি বিপিএফ দলে নিন্দা কৰি এনে কার্যকলাপক বিপিএফ দলে কাহানিও মানি ল’ব নোৱাৰে বুলি মন্তব্য কৰে দলটোৰ দুই শীর্ষ নেতা চন্দন ব্রহ্ম আৰু খাম্পা বৰগয়াৰীয়ে৷

উল্লেখ্য যে কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ গৌৰাং ভেলী হোটেলত আজি বিপিএফ দলৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়৷ এই বৈঠকত বিপিএফ দলে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত সংশোধনৰে গঠিত হোৱা বিটিচিৰ ক্ষমতা কর্তন কৰাক লৈ ক্ষোভ প্রকাশ কৰে৷ বিটিআৰৰ ১৬ টাকৈ গুৰুত্বপূর্ণ বিভাগক পর্যবেক্ষণ, নিৰীক্ষণ আৰু বছৰেকীয়া কার্যপ্রণালীৰ বাবে উপায়ুক্তসকলক ক্ষমতা হস্তান্তৰ কৰা প্রসংগত বিপিএফ দলে এয়া এক ক্ষতিকাৰক সিদ্ধান্ত বুলি দোহাৰে৷ প্রায় ডেৰ ঘণ্টাজোৰা বৈঠকৰ অন্তত সংবাদ মহলৰ আগত বিপিএফৰ দুই শীর্ষ নেতা চন্দন ব্রহ্ম আৰু খাম্পা বৰগয়াৰীয়ে সংবিধানৰ গণ্ডীত ষষ্ঠ অনুসূচীৰ ক্ষমতা সম্পন্ন বিটিচিক ধ্বংস কৰাৰ চক্রান্ত বুলি অভিযোগ কৰি ইয়াৰ বিৰুদ্ধে বিপিএফ দলে বুদ্ধিজীৱী আৰু ৰাইজৰ কাষ চাপি ক্ষতিকাৰক কাম বন্ধ কৰাৰ ব্যৱস্থা ল’ব বুলি মন্তব্য কৰে৷

সংবাদ মাধ্যমৰ আগত বিপিএফৰ নেতাদ্বয়ে কয় যে বিটিচি হ’ল সাংবিধানিক স্বীকৃতিপ্রাপ্ত৷ এইটো সলনি কৰিব হ’লে কোনো এজন বিষয়া বা মুখ্য সচিবে নির্দেশনা দিলেই কার্যকৰী হ’ব নোৱাৰে৷ সঁচাকৈ যদি তেনেকুৱা কৰিলে কার্যকৰী হয় তেন্তে বিটিচিত ষষ্ঠ অনুসূচীৰ বৈশিষ্ট্য ধ্বংসৰ পথে গৈ আছে সেয়া স্পষ্ট বুলিও উদ্বেগ ব্যক্ত কৰে৷ এনে দিশত বিপিএফ দলে বিটিচিক ধ্বংসৰ দৰে কাম কেতিয়াও মানি ল’ব নোৱাৰে বুলি দোহাৰে নেতাদ্বয়ে৷ বিপিএফৰ শীর্ষ নেতাদ্বয়ে সাংবাদিকৰ প্রশ্ণোত্তৰত বিটিচিত প্রমোদ বডো নেতৃত্বাধীন চৰকাৰখনক অবৈধ চৰকাৰ বুলি গণ্য কৰা বাবে বিপিএফ দলে গণতান্ত্রিক ব্যৱস্থা যেনে বিটিচিৰ সংসদীয় পৰিষদীয় সভা আৰু বাজেট অধিৱেশনতো আজিলৈকে অংশগ্রহণৰ পৰা বিৰত থকা বুলি প্রকাশ কৰে৷ নেতাদ্বয়ে উচ্চ ন্যায়ালয়ৰ নির্দেশত হোৱা বিটিচিৰ ফ্ল’ৰ টেষ্ট সম্পর্কতো নীতি নিয়মেৰে নকৰাৰ পূর্বৰ দৰে অভিযোগ তুলি যাৰ বাবে পুনৰ বিপিএফ দলে মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু সমগ্র বিষয়টো

বর্তমানে ন্যায়ালয়ত বিচৰাধীন হোৱা বুলি জনায়৷ যাৰ পৰিপ্রেক্ষিতত বিপিএফ দলৰ পাৰিষদসকলক বিটিচিৰ গণতান্ত্রিক ব্যৱস্থাত অংশ লোৱাত দলে বাধা যোগোৱা হৈছে বুলি সদৰী কৰে৷ এইক্ষেত্রত নিশ্চয় দ্বিতীয়বাৰ ফ্ল’ৰ টেষ্ট হ’ব বুলি আশাকৰে বিপিএফৰ শীর্ষ দুই নেতাই৷ নেতাদ্বয়ে বিটিচিৰ নির্বাচনত বিপিএফ দলে ১৭খন আসনেৰে সংখ্যাগৰিষ্ঠ আসন পায়ো বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি অন্যায়ভাৱে সংখ্যাগৰিষ্ঠ বিপিএফক চৰকাৰ গঠনৰ সুযোগ নিদি ইউপিপিএল আৰু দুই এটা বিটিচিবিৰোধী শক্তিৰে মিলি চৰকাৰ বনোৱা বুলি অভিযোগ কৰে৷ উল্লেখ্য যে বিপিএফৰ অনুষ্ঠিত হোৱা আজিৰ দলীয় সভাখনত বিধায়ক ৰবিৰাম নার্জাৰী, দুর্গা দাস বডো, বিটিচিৰ পাৰিষদ ৰাজীৱ কুমাৰ ব্রহ্ম, দেৰহাচাৎ বসুমতাৰী, মুনমুন ব্রহ্ম, প্রাক্তন মন্ত্রী চন্দন ব্রহ্ম প্রমুখ্যে বহু দলীয় জ্যেষ্ঠ নেতা উপস্থিত আছিল৷

You might also like