নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্য হস্তীৰ গচকত কৰুণ মৃত্যু দুলীয়াজান কঠালগুৰীৰ ৯০ বছৰীয়া বৃদ্ধৰ

বন বিভাগৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে সৰৱ টাইপা

নিয়মীয়া বাৰ্তা, ১০ জুন — দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ভাদৈৰ ২ নং কঠালগুৰি গাঁৱত সংঘটিত হয় এটা শোকাৱহ ঘটনা । বন্য হস্তীৰ গচকত কৰুণভাৱে প্ৰাণ গ’ল এজন ৯০ বছৰীয়া বৃদ্ধৰ । মৃত বৃদ্ধজন ভোলানাথ হাজৰিকা বুলি জানিবপৰা গৈছে । প্ৰাপ্ত সূত্ৰৰ অনুসৰি বুধবাৰৰ পুৱতি নিশা বৃদ্ধগৰাকীয়ে প্ৰাতঃকৰ্মৰ বাবে বাহিৰলৈ ওলাই যোৱাৰ সময়তেই এটা বনৰীয়া হাতীয়ে অৰ্তকিতে আক্ৰমণ কৰাত থিতাতেই নিহত হয় । এই ঘটনাৰ পাছতে আক্ৰমণাত্মক হৈ উঠা হাতীটোৱে সমীপৰে এঘৰৰ ভৰাঁল গৃহৰো ক্ষতিসাধন কৰে ।

ইফালে ডিগবৈ বন সংমণ্ডলৰ অধীনস্হ চৰাইপুং আঞ্চলিক বন কাৰ্যালয়ৰ এলেকাধীন উক্ত অঞ্চলটোত দীৰ্ঘদিনৰ পৰা বন্য হস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে স্হানীয় লোকৰ ঘৰ- ভৰাঁল ভাঙি লণ্ডভণ্ড কৰি আহিছে যদিও আজি পৰ্যন্ত বনবিভাগৰ লোকে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । দিহিং পাটকাই ৰাষ্টীয় উদ্যানৰ সৈতে সংলগ্ন অঞ্চলটোত কোনোধৰণৰ সুৰক্ষা নলা, পোহৰৰ ব্যৱস্থা, কাটাঁ তাঁৰ বেৰাৰ আদি সুৰক্ষাজনিত ব্যৱস্হাৱলী নথকাৰ অভিযোগ উত্থাপিত । এইক্ষেত্ৰত টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানসপ্ৰতীম গগৈয়ে অতি সোনকালে স্থানীয় বনবিভাগৰ নিৰ্লিপ্ততাৰ সন্দৰ্ভত আৰু দিহিং পাটকাইৰ বুকুত চলি অহা বন ধ্বংস যজ্ঞৰ বিৰুদ্ধে কাৰ্যতঃ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ বনমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত  লয় ।

You might also like