নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মূলৰ লেখিকা মেঘা ৰাজাগোপালনলৈ পুলিৎজাৰ বঁটা

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ৰঙা চীনত সংখ্যালঘু মুছলিমক আটক কৰি ৰখা কাৰাগাৰৰ আন্তঃগাঁথনি আৰু এই মুছলিমৰ ওপৰত চলোৱা নির্যাতনৰ অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰাৰ বাবে ভাৰতীয় মূলৰ মেঘা ৰাজাগোপালনলৈ পুলিৎজাৰ বঁটা আগবঢ়োৱা হৈছে৷

আমেৰিকা যুক্তৰাষ্ট্রৰ শীর্ষ সংবাদ বঁটা পুলিৎজাৰ বঁটা লাভ কৰা মেঘা ৰাজাগোপালন লণ্ডনৰ বাজফিড নিউজত কর্মৰত৷ সাংবাদিক মেঘা ৰাজাগোপালনে চীনত সংখ্যালঘু মুছলিম সম্প্রদায়ৰ লোকক কাৰাগাৰত বন্দী কৰি ৰাখি চলাই থকা নির্যাতন সন্দর্ভত বাতৰি পৰিৱেশন কৰাৰ বাবে উদ্ভাৱনী অনুসন্ধানমূলক বাতৰিৰ বাবে পুলিৎজাৰ বঁটা আগবঢ়োৱা হৈছে৷

মেঘা ৰাজাগোপালনে আন্তর্জাতিক বাতৰি শিতানত ঝিনজিয়াং ছিৰিজ পৰিৱেশন কৰি বিশ্বৰ বিভিন্ন দেশত সমাদৃত হৈছে৷

উল্লেখ্য যে ২০১৭ চনত চীনে ঝিনজিয়াঙৰ কেইবাসহস্র মুছলিম সম্প্রদায়ৰ লোকক আটক কৰি গোপনে শিবিৰত বন্দী কৰি ৰাখে৷ চীনৰ এই কার্যকলাপ সংবাদ মাধ্যমত চর্চিত হ’লেও চৰকাৰখনে সমূলঞ্চে নাকচ কৰি আহিছে৷ তেনে সময়তে ভাৰতীয় মূলৰ সাংবাদিক ৰাজাগোপালনে চীনৰ সেই শিবিৰ ভ্রমণ কৰিবলৈ সক্ষম হয়৷ উক্ত শিবিৰত মুছলিম সম্প্রদায়ৰ ওপৰত চলা সকলো নির্যাতন স্ব–চক্ষুৰে দেখাৰ ফলত চীন চৰকাৰে ৰাজাগোপালনক নিশ্চুপ কৰি ৰখাৰ চেষ্টা চলায়৷ আনকি চীন চৰকাৰে ৰাজাগোপালনৰ ভিছা প্রত্যাহাৰ কৰাৰ লগতে চীনৰ পৰা বাহিৰ কৰি দিয়ে৷ ইয়াৰ পাছতেই ৰাজাগোপালনে লণ্ডনৰ পৰাই তেওঁৰ সংবাদ সেৱা আগবঢ়াবলৈ ধৰে আৰু নিশ্চুপ হৈ বহি নাথাকি দুজন সহযোগীৰ সৈতে চীনৰ ঘৃণনীয় কার্যকলাপ প্রকাশ কৰিবলৈ ধৰে৷ সহযোগী এলিচন কিলিং আৰু ক্রিষ্ট বাছচেকৰ সৈতে মিলিত হৈ ৰাজাগোপালনে চীনৰ কার্যকলাপ আন্তঃৰাষ্ট্রীয় পর্যায়ত প্রচাৰ কৰিবলৈ ধৰে৷ চীন চৰকাৰৰ মুছলিম সম্প্রদায়ক লৈ যি ঘৃণনীয় কার্যকলাপ চলি আছে, সেই সন্দর্ভত আন্তর্জাতিক পর্যায়ৰ তথ্য ফাদিল কৰাৰ বাবে ৰাজাগোপালনক পুলিৎজাৰ বঁটা আগবঢ়োৱা হয়৷

বাজফিড নিউজৰ মুখ্য সম্পাদক মার্ক স্কুফে কয় যে আজিৰ সময়ত মানৱ অধিকাৰ ভংগ কৰাৰ অতি নিকৃষ্ট অন্যতম ঝিনজিয়াং ছিৰিজ৷ পুলিৎজাৰ বঁটা ঘোষণা কৰাৰ পাছতেই ভাৰতীয় মূলৰ সাংবাদিক মেঘা ৰাজাগোপালনে কয় যে তেওঁ হতবাক হৈছে– এয়া আশা কৰা নাছিল৷

You might also like