নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰাজনৈতিক দলৰ নীতি–নিয়ম, আচৰণবিধি আদিক ধর্মৰ সৈতে তুলনা কৰি বিজেপিৰ কার্যকৰী সভাপতি জে পি নাড্ডাই আজি মন্তব্য কৰে যে ধর্ম অবিহনে ৰাজনীতি অর্থহীন ৷ বদোদৰাত স্বামীনাৰায়ণ পন্থৰ এক সমাৰোহত ভক্তসকলক উদ্দেশ্যি জে পি নাড্ডাই কয় যে ৰাজনীতিত ধর্মৰ অতীব প্রয়োজন আছে ৷ ‘সমাজত এই প্রশ্ন বাৰে বাৰে উত্থাপন হয় যে ৰাজনীতিৰ সৈতে ধর্মৰ সম্বন্ধ কি ৷ মোৰ মতে ধর্ম অবিহনে ৰাজনীতি বিবেকহীন, ইয়াৰ কোনো অর্থ নাই ৷ ৰাজনীতি সদায় ধর্মৰ সৈতে আগবাঢ়ে ৷’– নাড্ডাই কয় এইদৰে ৷
সমাৰোহখনত ভক্তসকলক উদ্দেশ্যি বিজেপিৰ কার্যকৰী সভাপতিজনে আৰু কয়–‘ধর্মৰ অর্থ হ’ল নীতি–নিয়ম, আচৰণবিধি ৷ ধর্মৰ অর্থ হ’ল কি কৰিব লাগে আৰু কৰিব নালাগে ৷ ধর্মৰ অর্থ হ’ল কি উচিত আৰু কি অনুচিত ৷ আৰু এইবাবেই ধর্মৰ আটাইতকৈ বেছি প্রয়োজন ৰাজনীতিত ৷’ জে পি নাড্ডাই আৰু কয় যে বিজেপিয়ে সদায় ধনাত্মক দৃষ্টিভংগীৰে কাম কৰে, যিবোৰ দেশ আৰু সমাজৰ বাবে ফলপ্রসূ ৷ বিৰোধী পক্ষই ঋণাত্মক বার্তা বিয়পাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক ৰুদ্ধ কৰিবলৈ চেষ্টা কৰে যদিও প্রধানমন্ত্রীয়ে প্রতিবাৰেই অধিক শক্তিৰে সকলোকে উন্নয়নৰ দিশে আগবঢ়াই নিয়ে বুলি জে পি নাড্ডাই সমাৱেশত মন্তব্য কৰে ৷ বিজেপি নেতাজনে মোদী চৰকাৰৰ কেইবাটাও বিশেষ কৃতিত্বৰ কথা ব্যাখ্যা কৰে ৷ তেওঁ কয় যে আয়ুষ্মান ভাৰত যোজনাই ৫ লাখলৈকে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে উজ্জ্বলা যোজনাৰ জৰিয়তে দুখীয়া পৰিয়ালৰ মাজত ৰন্ধন গেছ বিতৰণ কৰিছে ৷