নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম উপগ্রহ প্রেৰণ মহাকাশ বাহিনীৰ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ আমেৰিকাৰ মহাকাশ বাহিনীয়ে পৃথিৱীৰ কক্ষপথলৈ প্রেৰণ কৰিছে এক বিশেষ সামৰিক কৃত্রিম উপগ্রহ৷ অতি গোপনে এই উপগ্রহটো উৎক্ষেপণ কৰিছে দেশখনত নতুনকৈ গঠন হোৱা মহাকাশ বাহিনীয়ে৷ উল্লেখনীয় যে এবছৰৰ ভিতৰতে এই কৃত্রিম উপগ্রহটোৰ ডিজাইন তথা নির্মাণ সম্পূর্ণ কৰি তোলা হয়৷ মহাকাশ বাহিনীৰ বিশেষ প্রকল্প গোটে গোপনে এই কৃত্রিম উপগ্রহটো পৃথিৱীৰ কক্ষপথলৈ প্রেৰণ কৰাৰ কথা শেহতীয়াকৈ পোহৰলৈ অহাৰ লগে লগে বিভিন্ন দেশে আশংকা ব্যক্ত কৰিছে৷

কেলিফর্নিয়াৰ ভেণ্ডেনবার্গস্থিত মহাকাশ বাহিনীৰ ঘাটিৰ পৰা নর্থৰপ গ্রুমান পেগাছাছ ৰকেটসহ ষ্টাৰগেজাৰ এল–১০১১ জেটেৰে কৃত্রিম উপগ্রহটো প্রেৰণ কৰা বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে৷ উল্লেখনীয় যে আমেৰিকাই মহাকাশ বাহিনী গঠনৰ পিছতে ফ্রান্সে দেশখনৰ কৃত্রিম উপগ্রহবোৰ নিৰীক্ষণ কৰাৰ বাবে এক মহাকাশ কমাণ্ড গঠন কৰিছে৷ মহাকাশত আমেৰিকা আৰু ফ্রান্সৰ বাহিনীৰ নিৰীক্ষণ আৰম্ভ হোৱাৰ লগে লগে চীনকে ধৰি কেইবাখনো দেশে আশংকা প্রকাশ কৰি আহিছে৷ বিশেষকৈ আমেৰিকাই অন্য দেশৰ কৃত্রিম উপগ্রহসমূহৰ সবিশেষ তথ্য ইয়াৰ জৰিয়তে সংগ্রহ কৰি দেশবোৰৰ বিৰুদ্ধে ভাবুকি সৃষ্টি কৰিব বুলি বেইজিং প্রশাসনে ঘোষণা কৰিছে৷

You might also like