নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্টৰ বিশ্বকাপ আয়োজনৰ পোষকতা শচীনৰ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ ক্রিকেটৰ দীঘলীয়া সংস্কৰণৰ জনপ্রিয়তা ওভতাই আনিবলৈ প্রতি চাৰি বছৰৰ মূৰে মূৰে টেষ্ট বিশ্বকাপ আয়োজন কৰা উচিত৷ টি–২০ অথবা এদিনীয়া বিশ্বকাপ যিদৰে এখন বা দুখন দেশত অনুষ্ঠিত হয়, ঠিক তেনেদৰে টেষ্ট বিশ্বকাপ এখন বা দুখন দেশত দুমাহ বা তিনি মাহৰ বাবে আয়োজনৰ পোষকতা কৰিছে ক্রিকেটৰ ভগৱানখ্যাত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে৷ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অহা ১৮ জুনৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ সন্দর্ভত ৰয়টাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্রাক্তন ক্রিকেটাৰগৰাকীয়ে আই চি চিক এই গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়ায়৷ ‘টেষ্টৰ প্রতি অনুৰাগীৰ আকর্ষণ বৃদ্ধিৰ বাবে বিশ্বকাপ সদৃশ এক বৃহৎ টুর্নামেণ্টৰ প্রয়োজন আছে৷ বিশ্বকাপ কেতিয়াও বিশ্বৰ প্রান্তত চলি নাথাকে৷ টেষ্ট বিশ্বকাপো এখন বা দুখন দেশত দুমাহ বা তিনি মাহৰ ভিতৰত অনুষ্ঠিত হোৱা উচিত৷ প্রতিটো দলে পৰস্পৰৰ বিৰুদ্ধে খেলি শেষত পইণ্টৰ আধাৰত এখন ফাইনেল আয়োজন কৰিলে টেষ্ট বিশ্বকাপৰ আকর্ষণ বৃদ্ধি পাব৷’ তেণ্ডুলকাৰে এইদৰে কয়৷

You might also like