নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম দিনা অসমৰ সংগ্ৰহ ২৩৭/৫

ৰঞ্জি ট্ৰফীত ৰিয়ান পৰাগৰ প্ৰথমটো শতক

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ ক্রিকেট অনুৰাগীৰ দীর্ঘদিনীয়া প্রত্যাশা পূৰণ কৰি প্রথম শ্রেণীৰ ক্রিকেটত প্রথমটো শতক অর্জন কৰিলে অসমৰ সম্ভাৱনাময় তাৰকা ৰিয়ান পৰাগে৷ উত্তৰাখণ্ডৰ বিৰুদ্ধে ডেৰাডুনত শনিবাৰৰ পৰা আৰম্ভ হোৱা ৰঞ্জি ট্রফীৰ ‘চি’ গ্রুপৰ মেচখনৰ প্রথম দিনা ৰিয়ানে অপৰাজিত ১০৪ ৰানৰ আকর্ষণীয় ইনিংছ খেলিবলৈ সক্ষম হয়৷ ২১৯টা বলৰ সন্মুখীন হৈ তেওঁ শতকীয় ইনিংছটো খেলে৷ মন কৰিবলগীয়া যে আই পি এলত চমকপ্রদ প্রদর্শনেৰে দেশবাসীৰ দৃষ্টি আকর্ষণ কৰা ৰিয়ানে চলিত ছিজনৰ বিজয় হাজাৰে এদিনীয়া ট্রফী আৰু চৈয়দ মুস্তাক আলী টি–২০ ট্রফীত প্রত্যাশিত বেটিং প্রদর্শন দাঙি ধৰিব পৰা নাছিল৷ ৰিয়ানৰ শতকীয় ইনিংছৰ সহায়ত অসমে প্রথম দিনৰ খেলৰ অন্তত ৫ উইকেট হেৰুৱাই ২৩৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ অধিনায়ক গকুল শর্মাই ৪৭ আৰু উইকেটৰক্ষক কুনাল শইকীয়াই অপৰাজিত ৩৪ ৰানেৰে ৰিয়ানক যোগ্য সহযোগিতা আগবঢ়ায়৷ চতুর্থ উইকেটত ৰিয়ান আৰু গকুলে ৯৮ ৰান যোগ দিয়ে৷ ইফালে, কুনালৰ সৈতে ৰিয়ানে ষষ্ঠ উইকেটত এইপর্যন্ত অপৰাজিত ৮৫ ৰান যোগ দিবলৈ সক্ষম হৈছে৷ অ’পেনাৰ ঋষভ দাসে ২১, ৰাহুল হাজৰিকাই ১১, শিৱশংকৰ ৰয় আৰু ছাহিল জৈনে ৫ ৰান কৰি আউট হয়৷ উল্লেখ্য যে চলিত ছিজনত অসমে এইপর্যন্ত তিনিখন মেচ খেলি এখনতো জয়ৰ মুখ দেখা নাই৷

You might also like