নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্যসামগ্রীৰ অভাৱনীয় দামবৃদ্ধিয়ে উত্তৰ কোৰিয়াত পতন ঘটাব কিমৰ শাসনৰ!

নিয়মীয়া বাৰ্তা ২১ জুনঃ ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হোৱা উত্তৰ কোৰিয়াত এতিয়া মূল্যবৃদ্ধি আকাশলংঘী হৈ পৰিছে৷ নিত্য প্রয়োজনীয় খাদ্যসামগ্রীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনত জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে৷ ২০২০ চনত ক’ভিড–১৯ মহামাৰীৰ বাবে সীমান্ত পথ বন্ধ কৰি দিয়াৰ লগে লগে বাণিজ্যিক ক্ষেত্রলৈ নামি আহিছে সংকট৷ সীমান্তৰ বাণিজ্যত সংকট সৃষ্টি হোৱাৰ লগে লগে বিভিন্ন সামগ্রীত অভাৱনীয় দামবৃদ্ধি ঘটিছে৷

লক্ষণীয়ভাৱে মাত্র দুদিন পূর্বে উত্তৰ কোৰিয়া ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হোৱা বুলি ঘোষণা কৰিছিল ৰাষ্ট্রপতি কিম জং উনে৷ আনকি ৰাষ্ট্রপতিগৰাকীয়ে পৰিস্থিতি অধিক জটিল হৈ পৰিব বুলি সতর্কবাণী কৰিছিল৷ ৰাজধানী পিয়ংয়াঙত এপেকেট কফীৰ মূল্য এতিয়া ১০০ ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত এতিয়া এপেকেট কফীৰ মূল্য প্রায় ৭,৩৮১ টকা৷ সেইদৰে সৰু ব্লেক টীৰ এটা পেকেটৰ মূল্য ৭০ ডলাৰ৷ অর্থাৎ প্রায় ৫,১৬৭ টকা৷ এক কিলোগ্রাম কলৰ মূল্য ৪৫ ডলাৰ৷ অভাৱনীয় এই মূল্যবৃদ্ধিয়ে উত্তৰ কোৰিয়াত কিমৰ শাসনলৈ পতন মাতি আনিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷

You might also like