নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকঃ জাপানত কঠোৰ নিয়মৰ সন্মুখীন হ’ব ভাৰতীয় দল

নিয়মীয়া বাৰ্তা ২১ জুনঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে ২৩ জুলাইৰ পৰা জাপানত আৰম্ভ হ’ব টকিঅ’ অলিম্পিক৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত অংশ ল’বলগীয়া ভাৰতীয় দলটোৱে জাপান চৰকাৰে বান্ধি দিয়া কঠোৰ নীতি–নিয়ম পালন কৰিব লাগিব৷ জাপানত উপস্থিত হোৱাৰ পিছতেই দলটোৰ খেলুৱৈ আৰু বিষয়ববীয়াসকলৰ প্রথম সাত দিনৰ প্রত্যেকদিনেই ক’ভিড টেষ্ট কৰা হ’ব৷ ইয়াৰ উপৰি ভাৰতীয় দলটোৰ খেলুৱৈ আৰু বিষয়ববীয়াসকলে তিনি দিনৰ বাবে আন দেশৰ খেলুৱৈক সাক্ষাতো কৰিব নোৱাৰিব৷ জাপান চৰকাৰে ভাৰতৰ উপৰি অন্য ১১খন দেশৰ খেলুৱৈ আৰু বিষয়ববীয়াসকলৰ ক্ষেত্রত কঠোৰ নিয়ম বান্ধি দিছে৷ ক’ৰোনাৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততেই জাপান চৰকাৰে ভাৰতৰ লগতে এই ১১খন দেশৰ খেলুৱৈ আৰু বিষয়ববীয়াসকলক কঠোৰ নীতি–নিয়ম পালনৰ নির্দেশ দিছে৷ অৱশ্যে জাপান চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰিছে ভাৰতীয় অলিম্পিক সংস্থাই৷ জাপান চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰি ভাৰতীয় অলিম্পিক সংস্থাই টকি’ অলিম্পিক আয়োজক কমিটীলৈ এক পত্র প্রেৰণ কৰিছে আৰু কঠোৰ নীতি–নিয়মে খেলুৱৈসকলৰ প্রদর্শনত যাতে প্রভাৱ নেপেলায় তাৰ ব্যৱস্থা গ্রহণ কৰাৰ বাবে আহ্বান জনাইছে ভাৰতীয় অলিম্পিক সংস্থাই৷

You might also like