নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Driving License- বৈধ্যতা শেষ হ’লেও ভৰিব নালাগে জৰিমণা চৰকাৰে জাৰি কৰিলে নিয়ম

নিয়মীয়া বাৰ্তা ২২ জুনঃ যদি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ বিগত বৰ্ষত বৈধ্যতা শেষ হৈছে অথবা আগন্তুক দিনত বৈধতা শেষ হ’বৰ হৈছে চিন্তাৰ প্ৰয়োজন নাই। কাৰণ ইয়াৰ বাবে কোনো ধৰণৰ জৰিমণা বিহাৰ ভয় নাই। ড্ৰাইভিং লাইচেঞ্চৰ উপৰিও গাড়ীৰ কাগজপত্ৰ, ফিটনেচ চাৰ্টিফিকেটৰ লগতে বাকী গাড়ীৰ কাগজ পত্ৰৰ বৈধ্যতা চৰকাৰে পুনৰ বঢ়াই দিছে।

কৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ পৰিপেক্ষিতত সকলোখিনি কাগজপত্ৰৰ বৈধ্যতা ৩০ ছেপ্টেম্বৰলৈকে বৈধ্যতা থাকিব। ইয়াৰ আগতে গাড়ীৰ সকলোখিনি কাগজপত্ৰৰ বৈধ্যতা ৩০ জুনত সমাপ্ত হ’লহেতেন। এতিয়া চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে বহুলোকে সকাহ পাব।

পথ আৰু পৰিবহণ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশৰ মতে যি খিনি নথি পত্ৰ ১ ফেব্ৰুৱাৰী ২০২০ত বৈধ্যতা শেষ হৈছিল অথবা ৩০ ছেপ্টেম্বৰ ২০২১ বৈধ্যতা শেষ হ’ব, অথবা লকডাউনৰ বাবে নৱীকৰণ কৰিব নোৱাৰিলে, সেইবিলাৰ নথিপত্ৰ ৩০ ছেপ্টেম্বৰ ২০২১ লৈকে বৈধ্যতা থাকিব।

You might also like