নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ মহাৰাষ্ট্র চৰকাৰৰ মন্ত্রিত্বৰ পৰা পদত্যাগ কৰিছে শিৱসেনাৰ নেতা আব্দুল ছাত্তাৰে৷ বিধানসভা নির্বাচনৰ পূর্বে কংগ্রেছৰ পৰা শিৱসেনাত যোগদান কৰা নেতাগৰাকীয়ে কয় যে প্রত্যাশা কৰা ধৰণে মন্ত্রিত্বৰ পদ নোপোৱাত তেওঁ অত্যন্ত হতাশ৷
ঔৰংগাবাদৰ এই জ্যেষ্ঠ নেতাজনৰ পদত্যাগ–পত্র অৱশ্যে এতিয়াও দলে গ্রহণ কৰা নাই বুলি জানিবলৈ দিয়ে শিৱসেনাৰ নেতা একনাথ সিন্ধেই৷ আন এজন দলৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাউটে মন্তব্য কৰে যে এই সন্দর্ভত মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই পদত্যাগী মন্ত্রী আব্দুল ছাত্তাৰৰ সৈতে আলোচনাত বহিব৷
ইফালে, শেহতীয়াকৈ বিধায়ক ছাত্তাৰে পদত্যাগৰ বাতৰিক উৰা বাতৰি আখ্যা দি কাইলৈ মুখ্যমন্ত্রীৰ সৈতে আলোচনাত বহিহে সিদ্ধান্ত গ্রহণ কৰিব বুলি মন্তব্য কৰে৷