জম্মুৰ বায়ুসেনাৰ ঘাটিত পাক সন্ত্রাসবাদীৰ আইইডি বিস্ফোৰণ
নিয়মীয়া বাৰ্তা ২৮ জুনঃ জম্মু–কাশ্মীৰত পাক সন্ত্রাসবাদীয়ে ড্রোনেৰে ভয়াৱহ আক্রমণ সংঘটিত কৰিব পাৰে বুলি বিভিন্ন সময়ত চোৰাংচোৱা বাহিনীয়ে সতর্কবাণী কৰি আহিছিল৷ দেওবাৰে ইয়াক সত্য প্রমাণিত কৰি পুৱতিনিশা জম্মুস্থিত ভাৰতীয় বায়ুসেনাৰ ঘাটিত দুটাকৈ ড্রোনেৰে বিস্ফোৰণ সংঘটিত কৰে কুখ্যাত পাক সন্ত্রাসবাদীয়ে৷ নিশা ১.৪০ বজাত ৬ মিনিটৰ ব্যৱধানত ড্রোনেৰে দুটাকৈ শক্তিশালী আইইডি বিস্ফোৰণ সংঘটিত কৰাৰ লগে লগে সন্ত্রাসবাদীৰ কূটাঘাতে পুনৰ কাশ্মীৰ উপত্যকা ৰক্তাক্ত কৰিব পাৰে বুলি আশংকা কৰি কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলার্ট৷ নিৰাপত্তা বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি বায়ুসেনাৰ ঘাটিৰ ৫ কিলোমিটাৰ নিলগৰ পৰা এই আক্রমণ চলোৱা হৈছে৷ আক্রমণৰ লক্ষ্য আছিল বায়ুসেনাৰ হেলিকপ্টাৰ তথা যুদ্ধ বিমান৷ অৱশ্যে সন্ত্রাসাবাদীয়ে অতি পৰিকল্পিতভাৱে এই আক্রমণ চলাইছিল যদিও লক্ষ্যত আঘাত কৰাত ব্যর্থ হয়৷ প্রথমটো বিস্ফোৰণত এমহলীয়া প্রাসাদ এটাৰ মূধচৰ ক্ষতিসাধন হয়৷
ইয়াতেই আছিল বায়ুসেনাৰ অত্যাধুনিক প্রযুক্তিৰ বিভিন্ন সামগ্রী তথা যন্ত্রপাতি৷ ইয়াৰ পাছতেই দ্বিতীয়টো বিস্ফোৰণ হেলিকপ্ঢাৰ থকা স্থানৰ কিছু দূৰত সংঘটিত হয়৷ খালী মাটিত দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হোৱা বুলি বায়ুসেনাৰ সূত্রই সদৰী কৰিছে৷ তাৎক্ষণিকভাৱে এই বিস্ফোৰণ ঘটোৱাৰ বাবে সন্ত্রাসবাদীয়ে ড্রোন ব্যৱহাৰ কৰা বুলি নিশ্চিত কৰে নিৰাপত্তা বিশেষজ্ঞসকলে৷ এই বিস্ফোৰণৰ ঘটনাত বায়ুসেনাৰ দুজন কর্মী আহত হৈছে যদিও তেওঁলোকৰ অৱস্থা সংকটমুক্ত বুলি এক সূত্রই সদৰী কৰিছে৷ লক্ষণীয়ভাৱে তীক্ষ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজত থকা বায়ুসেনাৰ ঘাটিত সন্ত্রাসবাদীয়ে এনেদৰে ড্রোন ব্যৱহাৰ কৰি বিস্ফোৰণ কৰাৰ লগে লগে জম্মু–কাশ্মীৰ–পঞ্জাব্ আৰু হিমাচল প্রদেশত ৰেড এলার্ট জাৰি কৰিছে সেনাই৷ সকলো তালাচী চকীত অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে বুলিও জম্মু–কাশ্মীৰ আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷
ইফালে, বায়ুসেনাৰ ঘাটিত সন্ত্রাসবাদীৰ এই পৰিকল্পিত আক্রমণৰ সময়তেই ৬ কিলোগ্রাম ওজনৰ আই ই ডিসহ লস্কৰ–ই–তৈবাৰ এটা সন্ত্রাসবাদীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ লস্কৰৰ এই সন্ত্রাসবাদীটোৱে জনাকীর্ণ অঞ্চলত বোমাটো সংস্থাপন কৰাৰ বাবে আনিছিল বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ জম্মু–কাশ্মীৰ আৰক্ষীৰ মুৰব্বী দিলবাগ সিঙে উল্লেখ কৰা অনুসৰি বেআইনী কাম–কাজ প্রতিৰোধ আইনত এক গোচৰ ৰুজু কৰি গ্রেপ্তাৰ হোৱা সন্ত্রাসবাদীটোক জেৰা চলাই আছে৷ লক্ষণীয়ভাৱে জম্মুত বায়ুসেনাৰ ঘাটিত এই আক্রমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই ইয়াৰ তদন্তৰ দায়িত্ব লৈছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই৷
সংবাদ সংস্থা পিটিআয়ে সদৰী কৰা অনুসৰি নিয়াই ইতিমধ্যে তদন্তৰ প্রাথমিক কাম–কাজ আৰম্ভ কৰিছে৷ জম্মুত সংঘটিত এই আক্রমণৰ ঘটনাৰ সময়তেই আজি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে তিনিদিনীয়া ভ্রমণসূচীৰে লাডাখৰ লেহত উপস্থিত হৈছে৷ লেহৰ পৰাই প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে বায়ুসেনাৰ উপ–মুৰব্বী এইচ এছ আৰোৰাৰ সৈতে সবিশেষ আলোচনা কৰিছে৷ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে আৰোৰাৰ সৈতে আলোচনা কৰাৰ সময়ত এয়াৰ চীফ মার্শ্বাল উপস্থিত আছিল ঘটনাস্থলীত৷ উল্লেখনীয় যে পাঠানকোটত বায়ুসেনাৰ ঘাটিত সংঘটিত ঘটনাৰ পাছত দ্বিতীয়বাৰলৈ বাহিনীটোক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে সন্ত্রাসবাদীয়ে৷ আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে সন্ত্রাসবাদীয়ে এইবাৰ ড্রোনেৰে বায়ুসেনাৰ ঘাটিত আক্রমণ চলাইছে৷ গতিকে এই বিষয়টোক লৈ উদ্বিগ্ণ হৈ পৰিছে নিৰাপত্তা বিশেষজ্ঞসকল৷