জুলাই–ছেপ্টেম্বৰ ত্রৈমাসিকত চৰকাৰী বিভাগক ব্যয় সংকোচনৰ নির্দেশ
গভীৰ বিত্তীয় সংকট কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ নির্দেশনা
নিয়মীয়া বাৰ্তা ২ জুলাইঃ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিত বিধ্বস্ত অর্থনীতি আৰু চৰকাৰৰ বিত্তীয় স্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় বিত্ত মন্ত্রালয়ে দেশৰ মন্ত্রালয়–বিভাগসমূহৰ ব্যয় সংকোচন অথবা ব্যয় হ্রাস কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ চলিত বিত্তীয় বর্ষৰ জুলাই–ছেপ্টেম্বৰ ত্রৈমাসিকত মন্ত্রালয় আৰু বিভাগসমূহক ব্যয় সংকোচনৰ নির্দেশ বিত্ত মন্ত্রালয়ে দিছে৷ অৱশ্যে ব্যয় সংকোচনৰ এই প্রতিবন্ধকতাৰ পৰা স্বাস্থ্য মন্ত্রাল গ্রামোন্নয়ন, কৃষি, এম এছ এম ই (ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ) আৰু ৰে’লৱে মন্ত্রালয়ক আঁতৰাই ৰখা হৈছে৷
অর্থনৈতিক পৰিক্রমা বিভাগে জাৰি কৰা নির্দেশনাটোত উল্লেখ কৰা মতে চৰকাৰৰ নগদ ধনৰ স্থিতি আৰু ক’ভিড–১৯ৰ বাবে সৃষ্ট পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ব্যয় নিয়ন্ত্রণৰ চলিত নিয়মাৱলী পর্যালোচনা কৰা হয়৷ এই পর্যালোচনাৰ অন্তত ২০২১ চনৰ জুলাই–ছেপ্ঢেম্বৰৰ কাৰণে নির্ধাৰিত মন্ত্রালয়/বিভাগসমূহৰ নিয়ন্ত্রিত ত্রৈমাসিক ব্যয় পৰিকল্পনা (কিউ ই পি) মাহিলি ব্যয় পৰিকল্পনা (এম ই পি) নিয়ন্ত্রণ কৰাত আৱশ্যক অনুভৱ কৰে৷
উল্লেখ্য যে বিগত বর্ষৰ এপ্রিলত ক’ভিড–১৯ৰ প্রথম জোৱাৰৰ ৰাষ্ট্রজোৰা লকডাউনৰ সময়ত মন্ত্রালয় আৰু বিভাগসমূহত ব্যয় সংকোচনৰ নির্দেশ দিছিল আৰু পিছলৈ সেয়া শিথিল কৰাৰ পাছত ডিচেম্বৰত এই নির্দেশনা প্রত্যাহাৰ কৰে৷ ইপিনে, ২০২১ৰ জুন মাহৰ প্রাৰম্ভতে বিত্ত মন্ত্রালয়ে সকলো বিভাগকে নিয়ন্ত্রণাধীন ব্যয়ত গুৰুত্ব আৰোপ কৰি বিজ্ঞাপন আৰু প্রচাৰ হ্রাস কৰিবলৈ নির্দেশনা জাৰি কৰিছিল৷ মহামাৰীত বিধ্বস্ত অর্থনীতিক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে ৬.২৫ লাখ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰাৰ দুদিন পাছতেই বিত্ত বিভাগে মন্ত্রালয় আৰু বিভাগসমূহক ব্যয় সংকোচনৰ নির্দেশনা জাৰি কৰিছে৷
উল্লেখ্য যে এই নির্দেশনাত গুৰুত্ব আৰু দায়বদ্ধতাৰ প্রতি লক্ষ্য কৰি কেন্দ্রীয় মন্ত্রালয় আৰু বিভাগসমূহক দুটা ভাগত বিভক্ত কৰিছে৷ প্রথম ভাগত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ফার্মাচিউটিকেলছ, সাৰ, কৃষি, ৰে’লৱে, এম এছ এম ই আৰু গ্রামোন্নয়নক অন্তর্ভুক্ত কৰিছে৷ চলিত নিয়মাৱলী অনুসৰিয়েই প্রথম ভাগত থকা মন্ত্রালয়–বিভাগকেই ব্যয় কৰিব পাৰি আৰু কোনো প্রতিবন্ধকতা ৰখা নাই৷ দ্বিতীয় ভাগত অসামৰিক বিমান, গৃহ, শ্রম, খনিজ, শক্তি, টেলিকম আৰু ডাক, গ্রাহক পৰিক্রমা, মীন পালন আৰু গধুৰ উদ্যোগকে ধৰি আন কেইটাও মন্ত্রালয় আৰু বিভাগ আছে৷ এই মন্ত্রালয় আৰু বিভাগকেইটাই চলিত বিত্তীয় বর্ষৰ জুলাই–ছেপ্ঢেম্বৰ ত্রৈমাসিকত ২০ শতাংশ ব্যয়হে কৰিব পাৰিব৷