নিয়মীয়া বাৰ্তা ৩ জুলাইঃ ঘাতক ক’ভিড–১৯ত মৃতকৰ সংখ্যা চাৰি লাখ অতিক্রম কৰিলে৷ ক’ৰোনাত চাৰি লাখ অতিক্রম কৰা বিশ্বৰ তৃতীয় দেশ ভাৰত৷ যোৱা ২৪ ঘণ্টাত ৮৫৩জন লোকৰ ক’ভিডত মৃত্যু হোৱাৰ লগে লগে চাৰি লাখ অতিক্রম কৰিলে৷ আক্রান্তৰ তালিকাত বিশ্বৰ দ্বিতীয় স্থানত থকা ভাৰত মৃতকৰ তালিকাত তৃতীয় স্থানত আছে৷ ছয় লক্ষাধিকেৰে প্রথম স্থানত আমেৰিকা যুক্তৰাষ্ট্র আৰু পাঁচ লক্ষাধিকেৰে দ্বিতীয় স্থানত আছে ব্রাজিল৷ ক’ভিড–১৯ৰ প্রথম জোৱাৰতকৈ দ্বিতীয় জোৱাৰত মৃতকৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈ আছে৷ বিগত ৩৯ দিনৰ ভিতৰত দেশজুৰি এক লাখ লোকে প্রাণ হেৰুওৱাত সম্প্রতি মৃতকৰ সংখ্যা ৪,০০,৩১২জনলৈ বৃদ্ধি পাইছে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে যোৱা এপ্রিল মাহলৈকে দেশজুৰি দুই লাখ ক’ভিডত প্রাণ হেৰুওৱাৰ বিপৰীতে দুমাহৰ ভিতৰতে দুই লাখ লোকে প্রাণ হেৰুৱালে৷ এপ্রিলৰ পাছত মাত্র ২৮ দিনতে মৃতকৰ সংখ্যা তিনি লাখ অতিক্রম কৰে আৰু পৰৱর্তী ৩৯ দিনত আন এক লাখ লোকৰ মৃত্যু ঘটাত মুঠ মৃতকৰ সংখ্যা চাৰি লাখ অতিক্রম কৰে৷ ইপিনে, ৫০ দিন ধৰি দেশজুৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷
যোৱা ২৪ ঘণ্টাত ৪৬,৬১৭জন আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে প্রায় ৬০ হাজাৰ লোক৷ অর্থাৎ ২৪ ঘণ্টাত আক্রান্তৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা ১৩,৬২০জন৷ ইয়াকে লৈ দেশজুৰি সুস্থ হোৱা লোকৰ সংখ্যা ২,৯৫,৪৮,৩০২জনলৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি সুস্থতাৰ হাৰ ৯৭ শতাংশ৷ মৃত্যুৰ হাৰ ১.৩১ শতাংশ৷ তাৎপর্যপূর্ণ যে দৈনিক পজিটিভিটীৰ হাৰ ২.৪৮লৈ হ্রাস পাইছে আৰু সাপ্তাহিক পজিটিভিটী ২.৫৭ শতাংশলৈ নিম্নগামী হৈছে৷ সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৫,০৯,৬৩৭জন৷ অর্থাৎ দেশৰ মুঠ আক্রান্ত ৩,০৪,৫৮,২৫১জনৰ ভিতৰত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা মাত্র ১.৬৭ শতাংশ৷ আনপিনে, ক’ভিড–১৯ টিকাকৰণ অভিযান দেশজুৰি অব্যাহত আছে৷
অৱশ্যে কেইবাখনো ৰাজ্যত ক’ভিড ভেকচিনৰ নাটনি হোৱাত অভিযান স্তিমিত হৈছে৷ তথ্য মতে, ৩৪ কোটিৰ অধিক ভেকচিন ড’জ প্রদান কৰা হৈছে৷ তাৎপর্যপূর্ণ যে যোৱা ২১ জুনত এদিনত ৮৫ সহস্রাধিক ভেকচিন ড’জ প্রদান কৰি বিশ্বাভিলেখ গঢ়াৰ পাছত ভেকচিন প্রদানৰ হাৰ নিম্নগামী হৈছে৷ উক্ত দিনা অভিলেখ গঢ়াৰ পাছত ক্রমান্বয়ে নিম্নগামী হৈ সাম্প্রতিক তথ্য মতে দেশজুৰি ভেকচিন প্রদানৰ হাৰ ৬৮ শতাংশ নিম্নগামী হৈছে৷