নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতে সমগ্র বিশ্বকে একেটা পৰিয়ালৰ হিচাপে বিবেচনা কৰে

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ বিশ্বৰ সকলো দেশৰ বাবেই ক’ভিড–১৯ টিকাকৰণ ব্যৱস্থাকৰণৰ কাৰণে কো–উইন প্লেটফর্ম মুকলি উৎস হ’ব আৰু ইয়েই বিশ্বৰ দেশসমূহক লাভান্বিত কৰিব৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ কো–উইন গ্ল’বেল কনক্লেভ ২০২১ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯ টিকাকৰণ ব্যৱস্থাপনাৰ মঞ্চ কো–উইন প্রসংগত এই মন্তব্য কৰি কয় যে ভাৰতে সমগ্র বিশ্বক এক পৰিয়াল হিচাপে বিবেচনা কৰে আৰু সেই কাৰণেই কো–উইনৰ ছফ্টৱেৰ সকলোৰে বাবে মুকলি কৰি দিয়া হ’ব৷

তদুপৰি প্রধানমন্ত্রী মোদীয়ে কো–উইন আন্তর্জাতিক মঞ্চ হ’বলৈ গৈ আছে বুলি উল্লেখ কৰি কয় যে ভাৰতীয় সভ্যতাই সমগ্র বিশ্বক এক পৰিয়াল হিচাপে বিবেচনা কৰে৷ এই মহামাৰীৰ সময়ত সমগ্র বিশ্বই এই দর্শনৰ বুনিয়াদী সত্যক অনুভৱ কৰিছোঁ৷ সেই কাৰণেই যে আমাৰ ক’ভিড–১৯ টিকাকৰণৰ প্রযুক্তি মঞ্চ, যাক আমি কো–উইন বুলি কওঁ, তাক সকলোৰে বাবে মুকলি কৰিবলৈ আগবাঢ়িছোঁ৷ ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজত প্রযুক্তিক প্রাধান্য দিয়া সন্দর্ভত প্রধানমন্ত্রীগৰাকীয়্ কয়– ক’ভিড–১৯ৰ বিৰুদ্ধে আমাৰ যুঁজৰ অংশ প্রযুক্তি৷

সৌভাগ্যবশতঃ আমাৰ অঞ্চলত ছফ্টৱেৰ উপলব্ধ হৈ আছে৷ তাৰ বাবেই আমি ক’ভিড–১৯ চিনাক্ত আৰু পৰীক্ষণ কৰিব পৰা এপ মুকলি কৰিবলৈ সক্ষম হৈছোঁ৷ মহামাৰীৰ সময়ত প্রাণ হেৰুওৱা সকলো ব্যক্তিৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ১০০ বছৰৰ ভিতৰত এনেধৰণৰ মহামাৰীৰ প্রাদুর্ভাৱ ঘটা নাছিল৷ এই পৰিস্থিতিৰ সৈতে কোনো অভিজ্ঞতাই দেশক সুযোগ দিয়া নাছিল৷ আনকি শক্তিশালী ৰাষ্ট্রসমূহেও এই প্রত্যাহ্বানৰ সৈতে যুঁজি সমাধান কৰাত হাবাথুৰি খাবলগীয়া হৈছিল৷ অকলশৰীয়াকৈ এই যুঁজত জয়ী হোৱাটো সম্ভৱ নহয়৷ সমগ্র বিশ্বই একত্রিতভাৱে এই মহামাৰীৰ সৈতে যুঁজি সফল হোৱাৰ দিশে আগবাঢ়িছোঁ৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ এক পৃথিৱী, এক স্বাস্থ্য দৃষ্টিভংগীক প্রাধান্য দি মহামাৰীৰ পৰা মানৱ জাতি বিজয়ী হ’ব বুলি আশা ব্যক্ত কৰে৷

You might also like