নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৈক্ষিক বর্ষৰ শেষত চিবিএছইৰ দশম–দ্বাদশৰ পৰীক্ষাৰ সম্ভাৱনাঃ ৫০ শতাংশ পাঠ্যক্রমেৰে পৰীক্ষা পতাৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ  চেণ্ট্ৰেল ব’ৰ্ড অৱ ছেকেণ্ডাৰী এডুকেচন, চমুকৈ চি বি এছ ইয়ে শৈক্ষিক বর্ষ ২০২১–২২ক দ্বিবিভক্ত কৰিছে৷ শৈক্ষিক বর্ষটোক দুটা ভাগত বিভক্ত কৰি প্রতিটো ভাগতে ৫০ শতাংশ পাঠ্যক্রম সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত এক নির্দেশনাযোগে চি বি এছ ইয়ে ঘোষণা কৰিছে৷

শৈক্ষিক বর্ষটোত দশম আৰু দ্বাদশ শ্রেণীৰ বাবে দুটা ভাগত বিভক্ত কৰি ৫০ শতাংশ পাঠ্যক্রম সন্নিৱিষ্ট কৰিব৷ প্রথম পর্যায়ৰ পৰীক্ষা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে ক’ৰোনা মহামাৰীৰ বাবে চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিল কৰাৰ পাছত সোমবাৰে নতুন সিদ্ধান্ত হিচাপে শৈক্ষিক বর্ষটোক দুটা ভাগত বিভক্ত কৰাৰ ঘোষণা কৰে৷

চি বি এছ ইৰ নির্দেশনাত প্রকাশ পোৱা মতে ২০২১–২২ শৈক্ষিক বর্ষৰ পাঠ্যক্রম দুটা ভাগত বিভক্ত কৰা হৈছে৷ বিষয় বিশেষজ্ঞৰ দ্বাৰা প্রস্তুত কৰি উলিওৱা পদ্ধতিগত দৃষ্টিকোণেৰে বর্ষটোৰ পাঠ্যক্রম দ্বিবিভক্ত আৰু ব’র্ডে বছৰটোৰ শেহৰ ফালে দ্বিবিভক্ত পাঠ্যক্রমৰ আধাৰত পৰীক্ষা অনুষ্ঠিত কৰিব৷

মন কৰিবলগীয়া যে দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা শৈক্ষিক বর্ষটোৰ শেহৰ ফালে অনুষ্ঠিত কৰাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি এই নতুন সিদ্ধান্ত চি বি এছ ইয়ে গ্রহণ কৰিছে৷

You might also like