নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণঃ প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ অন্তর্ভুক্তি নিশ্চিত

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ  সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই আজি নৰেন্দ্র মোদী মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটিব৷ ৰাষ্ট্রপতি ভৱনৰ পৰা এই সন্দর্ভত এতিয়ালৈকে কোনো বার্তা প্রেৰণ কৰা নাই যদিও প্রধানমন্ত্রী কার্যালয়ে আজি সন্ধিয়া ৫.৩০ বজাত শপতগ্রহণ কার্যসূচী ইতিমধ্যে প্রস্তুত কৰা বুলি জানিব পৰা গৈছে৷

তাৎপর্যপূর্ণভাৱে মোদী মন্ত্রীসভাৰ এই সম্প্রসাৰণত ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ স্থান লাভ কৰাটো এতিয়া নিশ্চিত হৈ পৰিছে৷ কেন্দ্রীয় মন্ত্রী হিচাপে শপত গ্রহণৰ বাবে সোণোৱাল মঙলবাৰে নতুন দিল্লী পাইছে৷ কেন্দ্রীয় মন্ত্রীসভা সম্প্রসাৰণৰ শপতগ্রহণৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো আমন্ত্রণ জনোৱা বাবে আজি মুখ্যমন্ত্রী ড০ শর্মা নতুন দিল্লীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে৷

সোণোৱালৰ বাহিৰে উত্তৰ–পূর্বাঞ্চলৰ পৰা মণিপুৰৰ সাংসদ আৰ কে ৰঞ্জন সিঙেও মোদী মন্ত্রীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷ জানিব পৰা মতে, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই সিঙক নতুন দিল্লীলৈ তলব কৰিছে আৰু আজি পুৱাৰ ভিতৰত তেওঁ দিল্লী আহি পাব৷

মন কৰিবলগীয়া যে প্রধানমন্ত্রীৰ দ্বিতীয়টো কার্যকালৰ দুবছৰ পাৰ হৈ যোৱাৰ পিছতো ৫২জন মন্ত্রীক লৈ তেওঁ চৰকাৰ চলাই আহিছে৷ পিছে ইয়াৰ মাজতেই এন ডি এ জোঁটৰ পৰা আকালি দল আৰু শিৱসেনা আঁতৰি গৈছে৷

ইপিনে, সংবিধান অনুসৰি কেন্দ্রীয় মন্ত্রীসভাত ৮১জনলৈকে স্থান লাভ কৰিব পাৰে৷ সেই অনুসৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ মন্ত্রীসভাত আন ২৯জন মন্ত্রীক অন্তর্ভুক্ত কৰিব পাৰে৷ আনহাতে দলীয় সূত্রত জানিব পৰা মতে, বর্তমান মন্ত্রীসভাৰ পৰা কমেও ৩–৪জন মন্ত্রীক অব্যাহতি দিব পাৰে প্রধানমন্ত্রীয়ে৷

উল্লেখ্য যে কেন্দ্রীয় সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ কেবিনেট মন্ত্রী থাৱৰচান্দ গেহলটক মঙলবাৰে কর্ণাটকৰ ৰাজ্যপাল হিচাপে নিযুক্তি দি কেন্দ্রীয় মন্ত্রীপদৰ পৰা অব্যাহতি দিয়া হৈছে৷

দলীয় সূত্রৰ পৰা জানিব পৰা মতে, প্রধানমন্ত্রীয়ে কেন্দ্রীয় মন্ত্রী হিচাপে বাকী থকা ২৯টা পদ পূৰণ কৰিব বিচৰা নাই৷ মোদীয়ে সর্বাধিক ২৭জন মন্ত্রী অন্তর্ভুক্ত কৰিব পাৰে বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

উল্লেখ্য যে যোৱা দেওবাৰেই প্রধানমন্ত্রীয়ে নিজৰ মন্ত্রীসভাৰ সম্প্রসাৰণৰ চূডান্ত ৰূপ দিছে৷ শনিবাৰ আৰু দেওবাৰে নিশা তেওঁ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে দুলানি মাৰাথন বৈঠকত মিলিত হৈছিল৷

লক্ষণীয়ভাৱে উত্তৰ প্রদেশকে ধৰি অহা বছৰ বিধানসভা অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহক বিশেষ গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রীয়ে মন্ত্রীসভাৰ সম্প্রসাৰণ কৰিবলৈ গৈ আছে৷ তদুপৰি ২০২৪ৰ লোকসভা নির্বাচনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷ স্বাভাৱিকভাৱে উত্তৰ প্রদেশৰ পৰা মোদীয়ে সর্বাধিক মন্ত্রী অন্তর্ভুক্ত কৰাটো নিশ্চিত হৈ পৰিছে৷

আনহাতে এইবাৰ মোদী মন্ত্রীসভাত জনতা দল (ইউনাইটেড)ৰ প্রতিনিধিয়েও স্থান লাভ কৰিব৷ পূর্বতে দলৰ মুৰব্বী হিচাপে নীতিশ কুমাৰে কেন্দ্রীয় মন্ত্রীসভাত যোগদান কৰাৰ পৰা বিৰত আছিল যদিও এইবাৰ তেওঁ প্রধানমন্ত্রীক সেউজ সংকেত দিছে৷ আনহাতে মোদী মন্ত্রীসভাৰ সম্প্রসাৰণৰ প্রাক্মুহূর্তত সৃষ্টি কৰা হৈছে ক’পাৰেছন মন্ত্রালয় নামেৰে আন এটা নতুন মন্ত্রালয়৷

ইপিনে বিভিন্ন সূত্রৰ পৰা জানিব পৰা মতে মোদী মন্ত্রীসভাৰ সম্ভাব্য তালিকাখন হৈছে–
১. কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়া
২. সর্বানন্দ সোণোৱাল
৩. মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নাৰায়ণ ৰানে
৪. বিহাৰৰ লোক জনশক্তি পার্টীৰ নতুন মুৰব্বী পশুপতি কুমাৰ পৰছ
৫. উত্তৰ প্রদেশৰ আপনা দলৰ মুৰব্বী অনুপ্রিয়া পেটেল
৬. উত্তৰ প্রদেশৰ বিজেপি সাংসদ পংকজ চৌধুৰী
৭. উত্তৰ প্রদেশৰ বিজেপি সাংসদ ৰীতা বহুগুণা যোশী
৮. উত্তৰ প্রদেশৰ বিজেপি সাংসদ ৰামশংকৰ কাঠেৰিয়া
৯. উত্তৰ প্রদেশৰ বিজেপি সাংসদ বৰুণ গান্ধী
১০. বিহাৰৰ জনতা দল (ইউ)ৰ আৰ চি পি সিং
১১. বিহাৰৰ জনতা দল (ইউ)ৰ লাল্লন সিং
১২. ৰাজস্থানৰ বিজেপি সাংসদ ৰাহুল কাছৱান
১৩. ৰাজস্থানৰ বিজেপি সাসদ চন্দ্রপ্রকাশ যোশী
১৪. উত্তৰ প্রদেশৰ ৰাজ্যসভাৰ বিজেপি সাংসদ ছৈয়দ জাফাৰ ইছলাম
১৫. কর্ণাটকৰ বিজেপি সাংসদ পি চি গাড্ডিগৌদাৰ
১৬. কর্ণাটকৰ বিজেপি সাংসদ শিৱকুমাৰ চানাবাছাপ্পা উদাসী
১৭. ওড়িশাৰ বিজেপি নেতা বৈজয়ন্ত পাণ্ডা
১৮. ৰাজস্থানৰ বিজেপিৰ সাংসদ ভূপেন্দৰ যাদৱ
১৯. মহাৰাষ্ট্রৰ বিজেপি সাংসদ প্রীতম মুণ্ডে
২০. বিহাৰৰ জনতা দল (ইউ)ৰ ৰাজীৱ ৰঞ্জন প্রসাদ
২১. বিহাৰৰ প্রাক্তন উপ–মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল মোদী
২২. উত্তৰ প্রদেশৰ বিজেপি নেতা স্বতন্ত্র দেৱ সিং
২৩. গুজৰাটৰ বিজেপি সাংসদ চি আৰ পাটিল
২৪. ওড়িশাৰ বিজেপি নেতা অশ্বিনী বৈষ্ণ
২৫. মণিপুৰৰ বিজেপি সাংসদ আৰ কে ৰঞ্জন সিং
২৬. পশ্চিমবংগৰ বিজেপি সাংসদ শান্তনু ঠাকুৰ
২৭. পশ্চিমবংগৰ বিজেপি সাংসদ নীতিশ প্রামাণিক৷

You might also like