নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতসহ ৫ দেশৰ নাগৰিকক জার্মানী ভ্রমণৰ ক্ষেত্রত অনুমতি প্রদান

নিয়মীয়া বাৰ্তা ৭ জুলাইঃ ক’ভিড–১৯ৰ ডেল্টা প্রকৰণত ভাৰত–ব্রিটেইন আৰু অন্য কেইবাখনো দেশত বহু লাখ লোক আক্রান্ত হৈছে যদিও জার্মানীয়ে শেহতীয়াকৈ এই দেশবোৰৰ নাগৰিকসকলৰ ভ্রমণৰ ক্ষেত্রত থকা নিষেধাজ্ঞা উঠাই দিছে৷ জার্মান চৰকাৰৰ এক বিবৃতি অনুসৰি ব্রিটেইন, ৰাছিয়া, পর্তুগাল, নেপাল আৰু ভাৰত এতিয়াও ক’ভিড–১৯ৰ ডেল্টা প্রকৰণৰ দ্বাৰা ভয়াৱহভাৱে আক্রান্ত হৈ আছে যদিও এই দেশকেইখনৰ নাগৰিকে জার্মানী ভ্রমণ কৰিব পাৰিব৷

একে সময়তে ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনেও বিভিন্ন দেশৰ নাগৰিকৰ ভ্রমণৰ ক্ষেত্রত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ চিন্তা–চর্চা চলাইছে৷ জার্মানীয়ে এই দেশকেইখনৰ নাগৰিকসকলৰ ক্ষেত্রত অৱশ্যে ভ্রমণত নতুন নিয়ম জাৰি কৰিছে৷ জার্মানীত প্রৱেশ কৰাৰ পিছতে দেশকেইখনৰ নাগৰিকসকলৰ ক’ভিড পৰীক্ষা নিগেটিভ ওলাব লাগিব৷ ইয়াৰ উপৰি দেশখনত প্রৱেশৰ পিছতেই প্রতিজন বিদেশী লোকে ১০ দিনৰ বাবে কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক হ’ব৷

You might also like