নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশতো চলি আছে ছুনামি

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ পৃথিৱীত সৃষ্টি হ’ব পৰা এক ভয়াৱহ বিপর্যয় হৈছে ছুনামি৷ ভূমিকম্পৰ পিছত মহাসাগৰৰ জোৱাৰে সৃষ্টি কৰা এই ছুনামিৰ ফলত বিভিন্ন সময়ত লাখ লাখ লোকৰ মৃত্যু হৈছে৷ বিধ্বস্ত হৈছে বিস্তীর্ণ অঞ্চল৷ শেহতীয়াকৈ জ্যোতির্বিজ্ঞানীসকলে ভূমিকম্প আৰু ভূগর্ভৰ আগ্ণেয়গিৰিৰ উদ্গীৰণৰ ফলত সৃষ্টি হোৱা ছুনামিসদৃশ ঘটনা মহাকাশত সংঘটিত হয় বুলি দাবী কৰিছে৷ বিশ্ব ব্রহ্মাণ্ডত প্রচণ্ড ছুনামিৰ জোৱাৰৰ সৃষ্টি হৈছে বিভিন্ন সময়ত৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ বিজ্ঞানীয়ে উল্লেখ কৰা অনুসৰি তাৰকা ৰাজ্যৰ বিশাল কৃষ্ণগহ্বৰ (ব্লেক হোল)সমূহে বিশ্ব ব্রহ্মাণ্ডত এনে ছুনামিসদৃশ বিপর্যয় সৃষ্টি কৰি আহিছে৷ স্মর্তব্য যে কৃষ্ণগহ্বৰ হৈছে বিশ্ব ব্রহ্মাণ্ডৰ এক ৰহস্যজনক উপাদান৷

এই কৃষ্ণগহ্বৰৰ অভ্যন্তৰত কি ঘটে সেই ৰহস্য আজিও উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই বিজ্ঞানীসকল৷ কৃষ্ণগহ্বৰে পদার্থ বিদ্যাৰ নতুন সূত্র আনি দিব বুলি আজিও আশাবাদী বিজ্ঞানীসকল৷ লাছ ভেগাছ বিশ্ববিদ্যালয়ত জ্যোতির্পদার্থবিদ ডেনিয়েল প্রগাই উল্লেখ কৰা অনুসৰি পৃথিৱীত যিবোৰ প্রাকৃতিক বিপর্যয় ঘটি আছে অনুৰূপ পৰিঘটনা মহাকাশতো ঘটি থাকিব পাৰে৷ আনকি কৃষ্ণগহ্বৰৰ বহু বাহিৰত এই পৰিঘটনাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ কম্পিউটাৰ ছিমুলেন্সৰ জৰিয়তে মহাকাশৰ গভীৰত ছুনামিসদৃশ জোৱাৰ সৃষ্টি হৈ আহিছে বুলি বিজ্ঞানীসকলে নিশ্চিত কৰিছে৷

বিশাল কৃষ্ণগহ্বৰৰ গেছীয় ভাণ্ডাৰৰ পৰাই এই ছুনামিসদৃশ জোৱাৰৰ সৃষ্টি হৈ আহিছে বুলি নাছাৰ বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ উল্লেখনীয় যে এই জোৱাৰবোৰ মহাসাগৰত সৃষ্টি হোৱা জোৱাৰৰ দৰেই বুলিও ধাৰণা কৰিছে বিজ্ঞানীসকলে৷ পৃথিৱীৰ পৰা ১০ আলোকবর্ষ দূৰত্বত এনে জোৱাৰৰ সৃষ্টি হৈ আছে বুলি নাছাৰ কেইবাগৰাকীও বিজ্ঞানীয়ে সহমত পোষণ কৰিছে৷ ইতিমধ্যে কম্পিউটাৰৰ জৰিয়তে এনে জোৱাৰৰ ৰেখাচিত্র অংকন কৰি উলিয়াইছে নাছাৰ বিজ্ঞানীসকলে৷ অৱশ্যে এই সন্দর্ভত এতিয়াও প্রামাণিক সত্য দাঙি ধৰিবলৈ বিজ্ঞানীসকল সক্ষম হোৱা নাই৷

You might also like