ৱেম্বলীত আজি ইউৰো কাপৰ মহাৰণ! ৫৫ বছৰীয়া ব্যর্থতা ভংগৰ লক্ষ্য ইংলেণ্ডৰঃ সন্মুখত আত্মবিশ্বাসী ইটালী
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ৱেম্বলীত কাইলৈ ইউৰো কাপৰ মহাৰণ৷ বিগত এমাহ ধৰি চলা ইউৰোপিয়ান চেম্পিয়নশ্বিপখনৰ আজি অনুষ্ঠিত হ’ব খিতাপ যুঁজৰ মেচ৷
ৱেম্বলী ষ্টেডিয়ামত হ’বলগীয়া এই খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ঘৰুৱা দল ইংলেণ্ড আৰু ইটালীয়ে৷
আজিৰ ফাইনেল মেচখনত হেৰী কেন নেতৃত্বাধীন ইংলেণ্ডকে ফেভাৰিট আখ্যা দিয়া হৈছে৷ অৱশ্যে বিগত ৩৩খন মেচত অপৰাজেয় হৈ থকা ইটালীৰ পৰা তীব্র প্রত্যাহ্বান পোৱাটো খাটাং৷ ইউৰো কাপত এতিয়ালৈকে চেম্পিয়নৰ সোৱাদ লাভ নকৰা ইংলেণ্ডে আজি ইটালীক পৰাস্ত কৰি ইতিহাস ৰচাৰ লক্ষ্য লৈছে৷
প্রথমবাৰৰ বাবে প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰি ইতিহাস ৰচনা কৰা ইংলেণ্ডে বিগত ৫৫ বছৰ ধৰি বৃহৎ ফুটবল প্রতিযোগিতাত চেম্পিয়নৰ সন্মান অর্জন কৰা নাই৷ গতিকে আজি সকলো ব্যর্থতাৰ ধাৰা ভংগ কৰি ইংলেণ্ড ফুটবলত এক নতুন অধ্যায় ৰচাৰ সংকল্প লৈছে হেৰী কেন বাহিনীয়ে৷
মন কৰিবলগীয়া যে ১৯৬৬ চনৰ বিশ্বকাপৰ খিতাপ জয় কৰাৰ পিছৰে পৰা ইংলেণ্ডে কোনো বৃহৎ ফুটবল প্রতিযোগিতাৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই৷ প্রতিযোগিতাখনত ইখনৰ পিছত সিখন মেচত উন্নত প্রদর্শন দাঙি ধৰা ইংলেণ্ডে আজিৰ ফাইনেল মেচখনত ইটালীৰ সকলো প্রত্যাহ্বান গ্রহণ কৰিবলৈ সাজু আছে বুলি দলটোৰ মেনেজাৰ তথা প্রশিক্ষক গাৰেথ ছাউথগেটে উল্লেখ কৰিছে৷
কোৱার্টাৰ আৰু ছেমিত দর্শনীয় গ’লেৰে ইংলেণ্ডক জয়ৰ সোৱাদ দিয়া হেৰী কেনে আজিৰ মেচখনতো ঘৰুৱা দলটোৰ হৈ মুখ্য ভূমিকা ল’ব পাৰিব বুলি আশাবাদী প্রশিক্ষকগৰাকী৷
ইফালে, ১৯৬৮ চনত প্রথমবাৰৰ বাবে ইউৰো কাপৰ খিতাপ জয় কৰা ইটালী আজিৰ ফাইনেল মেচখনক লৈ আত্মবিশ্বাসী৷
মেচৰ সময়: নিশা ১২.৩০ বজা৷