নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইচ ডি এফ চি বেংকৰ ট ল ফ্ৰী নম্বৰ মুকলি

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ এইচ ডি এফ চি বেংক লিমিটেডে সোমবাৰে এক বিশেষ ট’ল ফ্রী নম্বৰ মুকলি কৰে৷ ‘হৰ গাঁও হমাৰা’ শীর্ষক ইণ্টাৰেক্টিভ ভইচ ৰেছপন্স ট’ল ফ্রী নম্বৰটো মুকলি কৰা হৈছে কৃষক আৰু কৃষি ক্ষেত্রৰ সৈতে জড়িত লোকসকলৰ বিভিন্ন বিত্তীয় সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি৷ কৃষকসকলে এতিয়াৰে পৰা ঘৰতে বহি বিত্তীয় প্রয়োজনীয়তা তথা সমস্যা সন্দর্ভত বিনামূলীয়াকৈ ১৮০০ ১২০ ৯৬৫৫ নম্বৰত ফোন কৰি সমাধান লাভ কৰিব পাৰিব৷ এই ট’ল ফ্রী সেৱাই দেশৰ কৃষি আৰু উদ্যান খণ্ডৰ সৈতে বেংকিং খণ্ডক সংযোজিত কৰিব৷ তাৰ বাবে কেৱল ১৮০০ ১২০ ৯৬৫৫ নম্বৰত ফোন কৰিব লাগিব আৰু পিন কোড জনাব লাগিব৷ ইয়াৰ পিছতেই কৃষকজনৰ ওচৰৰ শাখাই স্বয়ংক্রিয়ভাৱে কৃষকজনক বিচাৰি উলিয়াব আৰু বেংকৰ প্রতিনিধিয়ে কৃষকজনক তেওঁৰ প্রয়োজনীয়তা পূৰণৰ বাবে সাক্ষাৎ কৰিব৷

You might also like