মেৰামতিৰ অভাৱত জৰাজীর্ণ গাড়ীগাঁৱৰ বাট–পথ
নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ অকর্মণ্যতা আৰু দায়িত্বহীনতাৰ ফল ভুগিছে সমষ্টিবাসীয়ে৷ বিধায়ক কলিতাই সমষ্টি উন্নয়নৰ প্রতি গুৰুত্ব প্রদান নকৰাত বিভিন্ন অঞ্চলৰ ৰাইজে বোকা–পানী গচকি জৰাজীর্ণ পথেৰে যাতায়াত কৰি আহিবলগীয়া হৈছে৷ বিধায়ক কলিতাৰ সমষ্টি উন্নয়নৰ প্রতি গুৰুত্ব প্রদান নকৰাৰ অন্যতম এক উদাহৰণ হ’ল বৃহত্তৰ গাড়ীগাঁও অঞ্চল৷ বিধায়ক কলিতাৰ অকর্মণ্যতা আৰু ব্যর্থতাৰ ফলতে বছৰৰ পিছত বছৰ ধৰি গাড়ীগাঁৱৰ জেউতী পথৰ বাসিন্দাসকলে বোকা–পানী গচকি যাতায়াত কৰি আহিবলগীয়া হৈছে৷
নির্বাচনৰ পূর্বে ডিচেম্বৰ মাহত বিধায়ক কলিতাই গাড়ীগাঁৱৰ জেউতী পথ পৰিদর্শন কৰি পথটো মেৰামতি কৰাৰ প্রতিশ্রুতি দিছিল৷ ইয়াৰ পিছতে বিভাগীয় কর্তৃপক্ষই পথটোৰ জোখ–মাপ লৈ পথটো মেৰামতি কৰা হ’ব বুলি অঞ্চলবাসীক আশ্বাস প্রদান কৰিছিল৷ পুনৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক হোৱাৰ পিছতো আজিলৈকে পথটো মেৰামতি নকৰিলে৷ অঞ্চলটোৰ ৰাইজে পথটো মেৰামতি কৰাৰ বাবে আবেদন–নিবেদন কৰাৰ পিছতো বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কোনো গুৰুত্ব প্রদান নকৰিলে৷
ফলশ্রুতিত গাড়ীগাঁৱৰ জেউতী পথৰ বাসিন্দাসকলে বোকা–পানী গচকিয়েই যাতায়াত কৰি আহিবলগীয়া হৈছে৷ ইয়াৰ উপৰি পথটোত নলা–নর্দমাৰ ব্যৱস্থা নথকাত এজাক বৰষুণতে জেউতী পথত কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে৷ বছৰৰ পিছত বছৰ ধৰি বোকা–পানী গচকি যাতায়াত কৰিবলগীয়া হোৱাত বিধায়ক কলিতাৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছে অঞ্চলবাসীয়ে৷ সেয়েহে গাড়ীগাঁৱৰ জেউতী পথটো মেৰামতি কৰি সুচল যাতায়াত ব্যৱস্থা প্রদান কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আহ্বান জনাইছে অঞ্চলবাসীয়ে৷