নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ ছেকেণ্ডৰ বাবে মাস্ক আতৰাই হাঁহিব পাৰিব পদক বিজয়ীয়ে

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ মাজত আয়োজিত এইবাৰৰ অলিম্পিকক ক্রীড়ানুৰাগীয়ে যথেষ্ট পৃথক ৰূপত দেখিবলৈ পাইছে৷ খালী ষ্টেডিয়ামত দর্শকৰ হর্ষোল্লাস অবিহনে অনুষ্ঠিত মেচসমূহত খেলুৱৈসকলৰ বাহিৰে আন সকলোকে মাস্ক পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে৷ মেচ সমাপ্ত হোৱাৰ পিছতে খেলুৱৈসকলৰ মুখমণ্ডলো ঢ়াকি পেলায় ভিন্নৰঙী মাস্কে৷ আনকি পদক গ্রহণৰ সময়তো খেলুৱৈসকলে মুখমণ্ডল উলিয়াই সুখানুভূতি প্রকাশ কৰিব নোৱাৰে৷ মাস্ক পিন্ধিয়ে তেওঁলোকে অলিম্পিকৰ প’ডিয়ামত পদক গ্রহণ কৰা দেখিবলৈ পোৱা গৈছিল

যদিও আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে  এই নিয়মৰ কিছু সংশোধন ঘটাইছে৷ এই অনুসৰি খেলুৱৈসকলে অলিম্পিকৰ প’ডিয়ামত ৩০ ছেকেণ্ডৰ বাবে মুখমণ্ডলৰ পৰা মাস্ক আঁতৰাই হাস্যবদনে ফটো ছেছনত অংশ ল’ব পাৰিব৷ খেলুৱৈসকলে যাতে অলিম্পিকৰ পদক জয়ৰ পিছত ক্রীড়া কেৰিয়াৰৰ সবাতোকৈ স্মৰণীয় মুহূর্তৰ সুখানুভূতি প্রকাশ কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে ৩০ ছেকেণ্ডৰ বাবে মাস্ক আঁতৰোৱাৰ অনুমতি দিছে৷ উল্লেখ্য যে টকি’ত শেহতীয়াকৈ বৃদ্ধি পোৱা ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে টকি’ অলিম্পিকত অংশ লোৱা সকলো এথলিট, প্রশিক্ষক আৰু দলীয় বিষয়ববীয়াই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল৷

You might also like