নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেটিএমৰ জৰিয়তে ১.১০ লাখ টকা লুট

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ চাইবাৰ অপৰাধী চক্রই বিভিন্ন কৌশলেৰে বেংকৰ গ্রাহকৰ পৰা ধন লুট কৰি অহা ঘটনা সংঘটিত হৈ আহিছে৷ চাইবাৰ অপৰাধী চক্রটোৰ কবলত পৰিল গুৱাহাটীৰ অমৰেন্দ্র কলিতা নামৰ এজন লোক৷ ভুক্তভোগী কলিতাৰ পাণবজাৰ এছ বি আই শাখাৰ একাউণ্টৰ পৰা আজি চাইবাৰ অপৰাধীয়ে ১.১০ লাখ টকা হৰলুকী কৰে৷ ঘটনা সন্দর্ভত ভুক্তভোগী অমৰেন্দ্র কলিতাই পাণবজাৰ থানাত এখন এজাহাৰ দাখিল কৰে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে পুৱা কলিতালৈ এজন লোকে ফোন কৰি কে ৱাই চি আপডেট কৰিবলৈ কয় আৰু এটা অ’টিপি তেওঁৰ ম’বাইল নম্বৰলৈ পঠিয়ায়৷ অ’টিপিটো কলিতাই লোকজনক দিয়াৰ কিছু সময়ৰ পাছতে ২০ হাজাৰ টকা উলিয়াই নিয়াৰ এটা মেছেজ আহে৷ লগে লগে বেংকলৈ ফোন কৰি বিষয়টো অৱগত কৰাত কলিতাৰ নেট বেংকিং বন্ধ কৰি দিয়ে৷ ইয়াৰ পাছতে পুনৰ কলিতালৈ এটা ফোন আহে৷ নেট বেংকিং বন্ধ কৰোঁতে ভুল হ’ল বুলি কৈ পুনৰ এটা অ’টিপি পঠিয়ায়৷ অ’টিপিটো কলিতাই লোকজনক দিয়াৰ পাছতে চাইবাৰ অপৰাধী চক্রটোৱে ৩৫ আৰু ৫৫ হাজাৰ টকা উলিয়াই নিয়ে৷ ইফালে বেংক কর্তৃপক্ষই পেটিএমৰ জৰিয়তে অপৰাধী চক্রটোৱে কলিতাৰ ধনৰাশিৰে সামগ্রী ক্রয় কৰা বুলি জনাইছে৷

You might also like