নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিত অব্যাহত আছে হাতী মানুহৰ সংঘাট

ঘাগ্ৰাৰ উলুবাৰীত কৰুণ মৃত্যু বন্যহস্তীৰ

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ  ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাট।ওদালগুৰিৰ ভাৰত ভুটান সীমান্তৰ ভেৰগাঁৱৰ বিভিন্ন অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাটে ।‌ তথাপিও কাণসাৰ নাই ৰাজ্য চৰকাৰৰ বিয়াগোম বনবিভাগৰ । কুম্ভকৰ্ণ‌ নিদ্ৰাত বিয়াগোম বনবিভাগ তথা চৰকাৰ । প্ৰতিদিনে ভেৰগাঁৱৰ ডিমাকুছি , ৰজাগড় , হাতীগড় , ঘাগ্ৰা , নালাপাৰা , বাদলাপাৰা , বগৰীতল , ধৰমজুলি , টেংকিবস্তী, ভুটিয়াচাং, ভোলাটাৰ আদি বিভিন্ন অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে বন্যহস্তীয়ে । কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰৱ ভুমিকা পালন কৰা দেখা গৈছে বনবিভাগৰ । চলিত বৰ্ষতে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত ২৫ জনতকৈও অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আনহাতে প্ৰায় ৮/১০ টা বন্য হস্তীয়ে বিভিন্ন কাৰণত কৰুণ মৃত্যক আঁকোৱালি লব লগীয়া হৈছে ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বৃহৎ হাতীৰ জাকৰ বাবে নিদ্ৰা হৰণ কৰি আহিছে অঞ্চলবাসীয়ে । যোৱা নিশা ওদালগুৰিৰ বিভিন্ন অঞ্চলত বন্য হস্তীয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙি চিঙি পেলোৱাৰ লগতে খেতি-বাতি ধ্বংস কৰি পেলোৱাৰ পিছত পুনৰ বুধবাৰে নিশা ঘাগ্ৰাৰ উলুবাৰীত এটা প্ৰকাণ্ড বন্যহস্তীৰ মৃত্যু হয় । উল্লেখযোগ্য যে বিগত কেইবাদিনো ধৰি বৃহৎ হাতীৰ জাকে বিচৰণ কৰি আহিছিল হাতীগড় , ডিমাকুছি , ঘাগ্ৰা আদি অঞ্চলত । হঠাৎ যোৱা নিশা উলুবাৰীত প্ৰায় ৭০ বছৰীয়া মতা হাতীয়ে মৃত্যুক আকোঁৱালি লৈছে। এতিয়ালৈকে কি কাৰণত হাতীটোৰ মৃত্যু হৈছে সঠিক কাৰণ জানিবলৈ পৰা নাই যদিও ইতিমধ্যে চিকিৎসক ৰ দলে বিষাক্ত খাদ্য সেৱন কৰাৰ ফলতে মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ।

নিশা উলুবাৰী ৰ হৰেণ নায়ক নামৰ লোকজনৰ খেতি পথাৰত পৰি মৃত্যু হোৱা হাতীটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বনবিভাগক খৱৰ জনায় । পিছত বন বিভাগৰ লোক উপস্থিত হৈ সেই ঠাইতে পুতি থোৱাৰ সিদ্ধান্ত লয় । ইফালে মাটিৰ গৰাকীয়ে হাতীটো পোতাক লৈ বিৰোধ কৰে লগতে তেখেতে কয় যে নিশা হাতী খেদিবলৈ বন বিভাগক খৱৰ দিলে বিভিন্ন ধৰণৰ অজুহাত দেখায় আৰু হাতীৰ মৃত্যু হোৱা বাবে আজি লগে লগেই বন বিভাগ উপস্থিত হয় বুলি জনায় । মুঠতে এতিয়া কেৱল বনবিভাগৰ হেমাহীৰ বাবে ভাৰত ভূটান সীমান্তৰ অঞ্চল‌ সমূহত নিতৌ‌ হাতী মানুহৰ সংঘাট বৃদ্ধি পাইছে বুলি দাবী কৰে একাংশ ৰাইজে । পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰে এই হাতী মানুহৰ সংঘাট ৰোধ কৰিবলৈ কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে লক্ষণীয় বিষয় হৈ পৰিব ।

You might also like