প্রথিতযশা সাহিত্যিক ড০ অনিমা গুহৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ অসমীয়া সাহিত্যৰ এগৰাকী অগ্রগামী কাণ্ডাৰী, বিশিষ্ট যুক্তিবাদী লেখিকা ড০ অনিমা গুহ আৰু নাই৷ দীর্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা লেখিকাগৰাকীয়ে বৃহস্পতিবাৰে নীৰৱে ইহজগত এৰি পৰলোকলৈ গতি কৰে৷ বৃহস্পতিবাৰে পুৱা শ্বাস–প্রশ্বাসৰ সমস্যাত আক্রান্ত হোৱাত তেওঁক ভর্তি কৰোৱা হৈছিল মহানগৰীৰ আর্য হাস্পতালত৷ তাতেই বিয়লি ৩.৪০ বজাত যশস্বী লেখিকাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷
উল্লেখ্য যে মৃত্যুৰ পূর্বে ড০ অনিমা গুহই চকু আৰু দেহ দান কৰি গৈছে৷ সেইমর্মে বৃহস্পতিবাৰে মৃত্যুৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই তেওঁৰ নশ্বৰ দেহ চিকিৎসালয়খনলৈ লৈ যায়৷ ইয়াৰ পূর্বে উলুবাৰীৰ বাসগৃহত অনেক গুণমুগ্ধই প্রয়াত লেখিকাগৰাকীলৈ অন্তিম শ্রদ্ধা নিবেদন কৰে৷
অসমীয়া সাহিত্যৰ অত্যন্ত স্পষ্টবাদী লেখিকাগৰাকীৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ মার্চত ধুবুৰী জিলাত৷ পিতৃ আছিল গিৰীন্দ্রমোহন দাস আৰু মাতৃ নিহাৰিকা দাস৷ কোকৰাঝাৰত শিক্ষা জীৱন আৰম্ভ কৰি ১৯৪৭ চনত যোৰহাটৰ চৰকাৰী ছোৱালী হাইস্কুলৰ পৰা লেটাৰসহ প্রথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়৷ ১৯৪৯ চনত কটন কলেজৰ পৰা প্রথম বিভাগত আইএছচি পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত তাতেই উদ্ভিদ বিজ্ঞান বিভাগত উচ্চশিক্ষাৰ বাবে নামভর্তি কৰে৷
১৯৫২ চনত উদ্ভিদ বিজ্ঞান বিষয়ত ডিষ্টিংচনসহ সর্বোচ্চ নম্বৰ লাভ কৰি উত্তীর্ণ হয়৷ যাৰ বাবে বায়ল’জিকেল ছ’চাইটী অৱ আছামে স্বর্ণ পদক প্রদান কৰে৷ ১৯৬২ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব বিষয়ত প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰি উত্তীর্ণ হয়৷ পৰৱর্তী সময়ত ‘বংশগতি’ বিষয়ত কৰা গৱেষণাৰ বাবে পুনে বিশ্ববিদ্যালয়ে পিএইচডি প্রদান কৰে৷ তাৰ মাজতে বিশিষ্ট ইতিহাসবিদ তথা সমাজবিজ্ঞানী অমলেন্দু গুহৰ লগত বিবাহপাশত আবদ্ধ হয়৷ শিক্ষা জীৱনৰ মাজৰ এছোৱা সময়ত তেওঁ অভয়াপুৰীৰ জে এন মেম’ৰিয়েল ছোৱালী হাইস্কুল আৰু ধুবুৰীৰ ছোৱালী হাইস্কুলত শিক্ষকতাও কৰে৷ অধ্যয়ন, শিক্ষকতাৰ সমান্তৰালভাৱে ১৯৬৪ চনৰ পৰা নিয়মীয়াকৈ সামাজিক সমস্যামূলক প্রবন্ধ, ভ্রমণ কাহিনী, ৰসৰচনা আদি লিখিবলৈ লয়৷ একে সময়তে প’ষ্ট ডক্টৰেট ফেল’শ্বিপৰ কামো আগুৱাই নিয়ে৷ ১৯৯১ চনত গৱেষণামূলক কামৰ পৰা আজৰি হোৱাৰ পাছত নিয়মীয়াকৈ সাহিত্য চর্চা আৰম্ভ কৰে৷
ড০ গুহৰ কেইখনমান লেখত ল’বলগীয়া গ্রন্থ হৈছে– তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দর্শন, মোৰ মন উৰণীয়া পখী (ভ্রমণ কাহিনী), তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ, মানুহৰ চিত্রশালাত, এমুঠি অভিজ্ঞতা, সোঁতৰ বিপৰীতে, নীল আকাশৰ তলত, পিতাল পুত্রিকা, বিপন্ন প্রজাতি (প্রবন্ধ সংকলন), জীৱনৰ জোৱাৰ ভাটাৰ মাজেদি, বাকীছোৱা জীৱন (আত্মজীৱনী) আদি৷ ইয়াৰ বাহিৰেও ছৈয়দ আব্দুল মালিকৰ ‘সূৰুযমুখীৰ স্বপ্ণ’ অসমীয়াৰ পৰা বাংলালৈ, তছলিমা নাছৰিনৰ ‘নির্বাচিত কলম’, শৰৎচন্দ্র চট্টোপাধ্যায়ৰ ‘পৰিণীতা’, সুনীল গংগোপাধ্যায়ৰ ‘ৰাধাকৃষ্ণ’ আদি গ্রন্থ বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰে৷ শিশু সাহিত্যৰ ক্ষেত্রত পার্থ চট্টোপাধ্যায়ৰ ভৌতিক ৰহস্য, প্রেতাত্মাৰ কাহিনী, ভূতৰ ভয়ংকৰ কাহিনী আদি গ্রন্থও বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰি গৈছে৷ নাৰী অধিকাৰ, নাৰী শিক্ষা, লিংগ বৈষম্য দূৰীকৰণৰ বাবে আজীৱন কাম কৰি যোৱা ড০ অনিমা গুহ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো ওতপ্রোতভাৱে জড়িত আছিল৷ ইয়াৰ বাবে অসম সাহিত্য সন্মিলনীৰ জীৱনজোৰা সাধনা বঁটা, যুগশংখ সাহিত্য বঁটা, ড০ নির্মলপ্রভা বৰদলৈ সাহিত্য বঁটা, বীৰাংগনা মূলাগাভৰু বঁটা, প্রাগ প্রেৰণা বঁটা আদি সন্মানো লাভ কৰিছিল৷ আজীৱন নীৰৱে অসমৰ সমাজ–সাহিত্যলৈ বৰঙণি আগবঢ়াই যোৱা ড০ অনিমা গুহই তেওঁৰ পুত্র তথা আমেৰিকা নিৱাসী বিজ্ঞানী ড০ সুপ্রতীক গুহ, বোৱাৰী ড০ মনীষা গুহ আৰু দুগৰাকী নাতিকে ধৰি অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ জীৱনৰ অনেক জোৱাৰভাটা অতিক্রমি আজি শেষ নিশ্বাস ত্যাগ কৰা বৰেণ্য সাহিত্যিকগৰাকীলৈ মুখ্যমন্ত্রীৰ লগতে অনেক দল–সংগঠনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শোক প্রকাশ
বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ড০ অনিমা গুহৰ পৰলোকপ্রাপ্তিত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বৃহস্পতিবাৰে এক শোকবার্তাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ড০ অনিমা গুহৰ বিয়োগত ৰাজ্যখনে বৌদ্ধিক দিশৰ এগৰাকী উজ্জ্বল নক্ষত্রক হেৰুৱালে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে বিশিষ্ট চিন্তাবিদগৰাকীয়ে কেইবাখনো গ্রন্থ ৰচনা কৰি ৰাজ্যখনৰ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে৷ তদুপৰি বিভিন্ন সংবাদপত্রতো বিভিন্ন বিষয়ৰ নিবন্ধ লিখি তেখেতে বৌদ্ধিক দিশত অৰিহণা যোগাই গৈছে৷ এইগৰাকী বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিকৰ বিয়োগ ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্রীয়ে কয়৷
মুখ্যমন্ত্রীয়ে প্রয়াত ড০ অনিমা গুহৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ ড০ গুহৰ মৃত্যুত অসমৰ ৰাজ্যপাল প্রফেছাৰ জগদীশ মুখীয়ে গভীৰ শোক প্রকাশ কৰিছে৷ শোক প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থা, সদৌ গুৱাহাটী ছাত্র সন্থায়ো৷