বাধ্যতামূলক হওক জনসংখ্যা শিক্ষা
ৰাষ্ট্র গঠনৰ প্রধান উপাদানসমূহৰ ভিতৰত জনসমষ্টি অন্যতম৷ জনসংখ্যাবিহীন ৰাষ্ট্রৰ কল্পনা যিদৰে অসম্ভৱ ঠিক তেনেদৰে অপৰিকল্পিত, বিস্ফোৰিত তথা অকাম্য জনসংখ্যাই ৰাষ্ট্রৰ সর্বদিশতে প্রগতি স্থবিৰ কৰি তোলে৷ জনসংখ্যাৰ পূর্বানুমান কৰি প্রস্তুত কৰা যিকোনো জনকল্যাণকামী আঁচনিয়েহে নির্ধাৰিত লক্ষ্যত সন্তুলিতভাৱে উপনীত হোৱাত সহায় কৰিব পাৰে৷ দুশবছৰৰ পূর্বে বিশ্বৰ মুঠ জনসংখ্যা আছিল প্রায় এক কোটি বা এক বিলিয়ন, বর্তমান এই সংখ্যা প্রায় ৮০০ কোটি বা ৮ বিলিয়ন হৈছেগৈ৷ ভাৰতবর্ষৰো জনসংখ্যা সমগ্র বিশ্বৰ জনসংখ্যাৰ ১৭.৯ শতাংশ৷ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি ভাৰতবর্ষৰ স্থান পৃথিৱীৰ ভিতৰতে দ্বিতীয়৷ ভাৰতবর্ষৰে অংগৰাজ্য অসমৰ মুঠ জনসংখ্যা ৩.৬ কোটি৷ উল্লেখ্য যে ভাৰতবর্ষৰ মুঠ জনসংখ্যাৰ ৩ শতাংশ লোক অসমত বাস কৰে৷ জলবায়ু তথা জীৱন নির্বাহৰ সুচলতাকে আদি কৰি অনেক কাৰণত অঞ্চলবিশেষে জনবসতিৰ ঘনত্ব নির্ভৰ কৰে৷ জনবিস্ফোৰিত ভাৰতবর্ষৰ অংগৰাজ্য অসমতো প্রতিবর্গ কিলোমিটাৰত ৩৯৭গৰাকী লোকে বসবাস কৰাৰ ফলত ৰাজ্যখনৰ সকলো প্রকাৰৰ প্রগতিত প্রতিবন্ধকতাৰ সৃষ্টি হৈ আহিছে৷ সৃষ্টি হৈছে খাদ্যৰ, বস্ত্র, বাসস্থানৰ নাটনি৷ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ সূচনা হৈছে৷ দ্রুত উদ্যোগীকৰণ, নগৰীকৰণ, দৰিদ্রতা, নিবনুৱা, পৰিস্থিতি তন্ত্রজনিত ভাৰসাম্যহীনতা, পৰিৱেশীয় অৱক্ষয় তথা প্রদূষণৰ মাত্রা বৃদ্ধি হোৱা, স্বাস্থ্য তথা অনাময়ৰ সমস্যা, শৈক্ষিক সুযোগৰ অভাৱ, আর্থ–সামাজিক অৱস্থিতিৰ অৱক্ষয়, মহামাৰী আদিকে ধৰি অনেক সমস্যাৰ উদ্ভৱ হৈছে৷ সেয়ে এই সমস্যাবোৰ হ্রাসকৰণৰ বাবে গুৰুত্ব দিয়াৰ চূডান্ত সময় আহি পৰিছে অন্যথা ইয়াৰ পৰিণতি মানৱ সমাজৰ বাবেই অত্যন্ত ক্ষতিকাৰক হৈ পৰিব৷ এনে বৃদ্ধিৰ হাৰে দেশৰ চিন্তাশীল লোকসকলক আতংকিত কৰি তুলিছে৷
স্বৰাজোত্তৰ কালত ভাৰতবর্ষক সকলো দিশতে স্বাৱলম্বী কৰি তুলিবৰ বাবে অনেক প্রচেষ্টা চৰকাৰী আৰু বেচৰকাৰীভাৱে চলাই অহা হৈছে যদিও নির্ধাৰিত এই লক্ষ্যত উপনীত হোৱাটো এতিয়াও সম্ভৱ হৈ উঠা নাই৷ পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ লগতে অনেক হ্রস্বম্যাদী পৰিকল্পনাও চৰকাৰে হাতত লৈ আহিছে যদিও চকুত লগাকৈ জনমূৰি আয় বৃদ্ধি হোৱা নাই৷ সর্বভাৰতীয় জনমূৰি আয়তকৈ অসমৰ জনমূৰি আয় বহুত কম৷ তেনেদৰে অসমৰ দাৰিদ্র্য সীমাৰেখাৰ তলত প্রায় ১৯.৭ শতাংশ লোকে বসবাস কৰে৷ সেয়ে প্রগতিৰ সকলোবোৰ প্রতিবন্ধকতা সৃষ্টি কৰি অহা জনবিস্ফোৰণ এনে এক অৱস্থাৰ পৰা মুক্ত হৈ শিক্ষা, স্বাস্থ্য, নিয়োগ বসবাস আদি সকলো দিশতে যাতে অসমখন আগবাঢি যাব পাৰে, তাৰ বাবে জনসাধাৰণক বিশেষকৈ উঠি অহা নৱপ্রজন্মক জনসংখ্যা বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেই বিষয়ে জ্ঞান দিয়াৰ আৱশ্যক হৈ পৰিছে৷ এইমর্মে শিক্ষানুষ্ঠানৰ পাঠ্যক্রমত জনসংখ্যা শিক্ষাৰ বিষয়টো অন্তর্ভুক্ত কৰিবৰ বাবে শিক্ষাবিদ তথা চিন্তাশীল ব্যক্তিসকলে দিয়া পৰামর্শৰ ভিত্তিতে বর্তমান পাঠ্যক্রমত বিষয়টো অন্তর্ভুক্ত কৰা হৈছে৷ এইখিনিতে জনসংখ্যা শিক্ষা মানে কি আমাৰ স্পষ্ট ধাৰণা থকাটো দৰকাৰ৷ জনসংখ্যা শিক্ষা বুলিলে বহুতো লোকে জনসংখ্যা নিয়ন্ত্রণৰ শিক্ষা বা পৰিয়াল পৰিকল্পনা বা যৌন শিক্ষা বুলিও ভাবে৷ দৰাচলতে ইয়াৰ অর্থ যথেষ্ট ভিৰ৷ জনসংখ্যা শিক্ষাই কেৱল জন্ম নিয়ন্ত্রণ কৰাকে নুবুজায়৷ কেতিয়াবা স্থান কালপাত্র ভেদে ৰাষ্ট্রখনৰ জন্মহাৰ বৃদ্ধি কৰা সম্পক্য় শিক্ষাকো বুজাব পাৰে৷ জনসংখ্যা শিক্ষাৰ সৈতে দেশখন আৰু সমগ্র বিশ্বৰে জনসংখ্যা আৰু সম্পদসমূহৰ বিষয়ো ওতপ্রোতভাৱে জড়িত৷ হার্ভার্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ন’বেল ডেভিদছনেই প্রথমে জনসংখ্যা শিক্ষা শব্দটো ব্যৱহাৰ কৰিছিল৷ তেওঁ কয় যে বর্ধিত জনসংখ্যাৰ দ্বাৰা উদ্ভাৱিত হোৱা বোজাৰ প্রকৃতি আৰু তাৰ গুৰুত্ব উপলব্ধি কৰিবৰ বাবে জনসংখ্যাৰ স্বাভাৱিক গতিশীলতাৰ সম্পর্কে প্রদান কৰা শিক্ষাকে জনসংখ্যা শিক্ষা বোলে৷ ইউনেস্ক’ৱে ১৯৭০ চনত উল্লেখ কৰি কৈছিল যে শিক্ষাথ্সকলে জনসংখ্যা বৃদ্ধি, জনসংখ্যাৰ বিশিষ্ট চৰিত্র, জনসংখ্যা পৰিৱর্তনৰ কাৰণসমূহ আৰু এইবোৰৰ দ্বাৰা নিজৰ পৰিয়াল, সমাজ আৰু পৃথিৱীলৈ আহিব পৰা ইয়াৰ ভাবুকি আদিৰ অর্থ আৰু প্রকৃতি সম্পর্কে কৰা অধ্যয়নইে জনসংখ্যা শিক্ষা৷ বিশ্ব জনসংখ্যা কার্য আঁচনিত জনসংখ্যা শিক্ষাৰ প্রয়োজনীয়তা সম্পর্কে উল্লেখ কৰি কোৱা হৈছিল যে সকলো ৰাষ্ট্রই নিজা শিক্ষানুষ্ঠানবোৰৰ পাঠ্যক্রমৰ পৰিসৰৰ বৃদ্ধি কৰি জনসংখ্যাৰ গতিশীলতা তথা নীতি সম্পক্য় বিষয়ত অধ্যয়নৰ সুবিধা কৰিব লাগে৷ শিক্ষানুষ্ঠানৰ পাঠ্যক্রমত য’তেই সুবিধা হয় তাতেই পৰিবাৰিক জীৱন, সন্তানৰ প্রতি পিতৃ–মাতৃৰ দায়িত্ব আৰু সামাজিক, অর্থনৈতিক তথা আন্তঃৰাষ্ট্রীয় সম্পর্কৰ ক্ষেত্রত জনসংখ্যাৰ গতিশীলতাৰ সম্পক্য় কথাবোৰ অন্তর্ভুক্ত কৰিব লাগে৷ অৱশ্যে এইখিনিতে উল্লেখ কৰা দৰকাৰ যে কেৱল আনুষ্ঠানিক শিক্ষাৰ যোগেদিয়েই আমি জনসংখ্যা শিক্ষাদানৰ ব্যৱস্থা নকৰি অনানুষ্ঠানিক আৰু অগতানুগতিকভাৱেও প্রদান কৰা দৰকাৰ৷
ভাৰতবর্ষৰ বিশেষকৈ অসমৰ জনসাধাৰণে দুর্গতি ভোগা বা অসমৰ আর্থ–সামাজিক স্বাস্থ্য, শিক্ষা, বিজ্ঞানসন্মত মানসিকতা আদিৰ দ্রুত উন্নয়ন তথা পৰিৱর্তন নোহোৱাৰ প্রধান কাৰণ হ’ল জনসংখ্যা ঠাইবিশেষে জ্যামিতিক গতিত বৃদ্ধি পোৱাটো৷ অত্যধিক জনবৃদ্ধিয়ে যে ৰাষ্ট্রৰ বাবে সংকট মাতি আনিব পাৰে, সেই সম্পর্কে চিন্তা কৰিয়েই বিশিষ্ট অর্থনীতিবিদ মালথাচে জনসংখ্যা তত্ত্ব আগবঢাইছিল৷
জনসংখ্যা বিস্ফোৰণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখিয়েই ১৯৯০ চনত সংযুক্ত ৰাষ্ট্র সাধাৰণ পৰিষদে প্রতি বছৰৰ ১১ জুলাই তাৰিখটো বিশ্ব জনসংখ্যা দিৱস হিচাপে অবিৰতভাৱে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে যাতে জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ আৰু ইয়াৰ সৈতে জড়িত হৈ থকা পৰিৱেশীয় দিশসমূহৰ বিষয়ে জনগণৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰি৷
উল্লেখ্য যে ভাৰতবর্ষৰ যি ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ প্রৱর্তনৰ ব্যৱস্থা গ্রহণ কৰা হৈছে সেই নীতিৰ পৰামর্শসমূহ সঠিকভাৱে পূৰণ কৰিবলৈ হ’লে জনসংখ্যা নিয়ন্ত্রণ কৰিবই লাগিব৷ ভাৰতবর্ষৰ অংগৰাজ্য অসমে জনসংখ্যা বিস্ফোৰণৰ পৰা হাত সাৰিবৰ বাবে ভৱিষ্যৎ পিতৃ–মাতৃ হ’বলৈ আগুৱাই যোৱা শিক্ষাথ্সকলক বিদ্যালয়ৰ পর্যায়ৰ পৰাই সচেতন কৰি তুলিব লাগিব৷ আৰু সেইমর্মে শিক্ষাৰ স্তৰৰ লগত সম্পর্ক ৰাখি জনসংখ্যা শিক্ষাৰ লক্ষ্য তথা পাঠ্যক্রম প্রস্তুত কৰিব লাগিব৷ এইক্ষেত্রত চৰকাৰৰ যথেষ্ট কৰণীয় আছে৷ যদিও আমি কৈ আহিছোঁ যে শিক্ষাৰ পাঠ্যক্রমত জনসংখ্যা শিক্ষা অন্তর্ভুক্ত কৰিব লাগে তথাপি কোনে এনে কাম হাতত ল’ব৷ চৰকাৰেই প্রধানকৈ আগভাগ ল’লেহে জনসংখ্যা শিক্ষাৰ লক্ষ্যত উপনীত হ’ব পৰা যাব৷ যদিও বিশ্বৰ লগতে ভাৰতবর্ষতো ১৯৬০ চন মানৰ পৰাহে জনসংখ্যাৰ বিষয়ে শিক্ষানুষ্ঠানৰ পাঠ্যক্রমৰ অন্তর্গত কৰিবলৈ যত্ন কৰা হৈছে৷ সেই প্রয়াস কিন্তু এতিয়াও পূৰণ হোৱা নাই৷ বেচৰকাৰী প্রচেষ্টাৰৰ লগতে চৰকাৰে যেতিয়ালৈকে কঠোৰ আইন প্রণয়ন তথা সজাগতামূলক কার্যসূচীসমূহ বলৱৎ নকৰে তেতিয়ালৈকে জনবিস্ফোৰণৰ সমস্যাটো জ্যামিতিক গতিত বৃদ্ধি পায়েই থাকিব৷ বর্তমান অসম চৰকাৰে বিধানসভাত এই সম্পর্কে কঠোৰ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে উচিত পদক্ষেপ গ্রহণ কৰিবৰ বাবে সদিচ্ছা প্রকাশ কৰা কার্যই সার্থক ৰূপ ল’ব বুলি আমি আশা কৰিব পাৰোঁ৷ নহ’লে সকলো চৰকাৰী প্রচেষ্টা বা বাজেটৰ ধন অথলে যাব৷ প্রাথমিক, মাধ্যমিক তথা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পর্যন্ত এইক্ষেত্রত গ্রহণ কৰিব লগা অনেক দিশ আছে৷ চৰকাৰে শিক্ষানুষ্ঠানৰ পাঠ্যক্রমত জনসংখ্যা শিক্ষা অন্তর্ভুক্ত কৰিব লগাৰ কেইটামান বিশেষ উদ্দেশ্য হ’ল– বিশ্বৰ জনসংখ্যাৰ সৈতে প্রসংগ ৰাখি অসমৰ জনসংখ্যাৰ বৃদ্ধি হাৰ আৰু জনসংখ্যা গঠন আৰু গতিশীলতাৰ দিশসমূহ সম্পর্কে জ্ঞান প্রদান কৰা, অসমৰ বর্তমানৰ আৰু ভৱিষ্যৎ জীৱন ধাৰণৰ মান, আর্থিক বিকাশ, উন্নত স্বাস্থ্য, শিক্ষা, আৱাস আহাৰ আৰু আন আন সুবিধাসমূহ আহৰণৰ ক্ষেত্রত জনসংখ্যাৰ প্রভাৱ আদিৰ সম্পর্কে অনুভৱ কৰিবলৈ শিকোৱা পৰিয়ালৰ আকাৰ যে ইচ্ছানুসৰি সীমিত কৰিব পাৰি সেইবিষয়ে জ্ঞান দিয়া সৰু পৰিয়ালত থকা সা–সুবিধা আৰু ডাঙৰ পৰিয়ালৰ অসুবিধাসমূহৰ প্রতি সচেতন কৰি তোলা মাতৃ আৰু শিশুসকলৰ স্বাস্থ্যৰ হকে কেনেধৰণৰ তদাৰক অতি প্রয়োজনীয় সেই বিষয়ৰ জ্ঞান দান কৰা সৰু পৰিয়ালৰ জৰিয়তে প্রতিগৰাকী লোকে উন্নত ধৰণৰ জীৱন–যাপনৰ জ্ঞান কেনেদৰে পাব পাৰি সেই বিষয়ে সচেতন কৰি তোলা দেশৰ প্রয়োজনীয়তাৰ আধাৰত গঠন কৰা চৰকাৰৰ পৰিয়াল পৰিকল্পনা কার্যসূচী সম্পক্য় কথাবোৰ অৱগত কৰা জনসংখ্যা বৃদ্ধি ৰোধ কৰিবৰ বাবে কি বিশেষ কাৰণত চৰকাৰী প্রচেষ্টা ল’ব লগা হ’ল, সেই বিষয়ে শিক্ষাথ্ তথা জনসাধাৰণক জানিবলৈ দিয়া অত্যধিক জনসংখ্যা বৃদ্ধিৰ ফলত মানৱসৃষ্ট কর্মসমূহৰ পৰা কিদৰে পৰিৱেশৰ অৱক্ষয় হয়, সেই বিষয়ে চৰকাৰে সজাগতা সৃষ্টি কৰা৷
উল্লেখ্য যে বর্তমান অসমৰ জনকল্যাণকামী চৰকাৰখনে সবল নেতৃত্বৰ গৰাকী মুখ্যমন্ত্রী ড শর্মাৰ সহযোগত এই জনসংখ্যা শিক্ষাৰ আঁচনি সার্থকভাৱে কার্যকৰী কৰিব পাৰিব৷ ইতিমধ্যে বিধানসভাত এই বিষয়ে আলোচনাও কৰা দেখা গৈছে যে জনবিস্ফোৰণৰ বাবেই অসমে বিকাশৰ পথত স্থবিৰ হৈ ৰ’ব লগা হৈছে৷ মুখ্যমন্ত্রীয়ে বক্তব্যত কৈছে যে যদিহে জনসংখ্যা নিয়ন্ত্রণৰ বাবে আমি সকলোৱে সহযোগিতাৰে কাম নকৰোঁ তেনেহ’লে কোনো বাজেটত অসমৰ উন্নতি সাধিব নোৱাৰে৷
সেয়ে আমি ক’ব বিচাৰোঁ যে যদিহে অসমৰ সর্বতোমুখী উন্নতি কামনা কৰা হয় তেতিয়া হ’লে প্রতিজন লোকেই ইয়াৰ ভয়াৱহতাৰ উপলব্ধি কৰিব লাগিব আৰু জন্ম নিয়ন্ত্রণৰ বাবে নিজাকৈ পদক্ষেপ হাতত ল’ব লাগিব৷ জনসংখ্যা নিয়ন্ত্রণ বা পৰিকল্পনাৰ ফলাফল তৎক্ষণাতেই পোৱা নাযাব৷ আচলতে চৰকাৰে প্রাথমিক পর্যায়ৰ পৰা উচ্চ শিক্ষাৰ পর্যায়লৈকে জনসংখ্যা শিক্ষাক এক বিনিয়োগ Population Education asinvestment) বুলি ধৰি হাতে–কামে জড়িত হ’ব লাগিব৷ এইবাৰৰ ২০২১–২২ বর্ষৰ বাজেট চৰকাৰে বহুতো কোটি টকা শিক্ষাৰ বাবে ধার্য কৰিছে৷ অৱশ্যে জনসংখ্যা শিক্ষাৰ বাবে নির্দিষ্টকৈ কোনোটো পর্যায়তে কি ব্যৱস্থা ল’ব, তাক স্পষ্টকৈ উল্লেখ কৰা নাই যদিও শিক্ষা আৰু স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত চৰকাৰে পাঠ্যক্রমিক শিক্ষা দিয়াৰ লগতে কর্মশালা, আলোচনাক এই বিষয়ত অনুষ্ঠিত কৰিব লাগে৷ শিক্ষাথ্সকলৰ ঘৰে ঘৰে গৈ স্বাস্থ্যকম্ আৰু শিক্ষকসকলে জনসংখ্যা শিক্ষাৰ লগত জডিত বিষয়বোৰত জ্ঞানদান কৰিব লাগে লগতে অভিভাৱকসকলকো জনসংখ্যা শিক্ষাৰ লগতে যৌনশিক্ষাও আনুষ্ঠানিক–নানুষ্ঠান্ দুয়ো প্রকাৰে দিব পাৰে৷ জন্ম নিয়ন্ত্রণ সম্পক্য় নীতি উলংঘা কৰাসকলক চৰকাৰে জৰিমনাসহ কঠোৰ শাস্তি দিব লাগে৷ প্রতিটো অঞ্চলতে বিশেষকৈ যিবোৰ পিছপৰা অঞ্চল, তাত চৰকাৰে সঘনে আলোচনা–চক্র, কর্মশালা, সাংস্কৃতিক প্রতিযোগিতা আদি অনুষ্ঠিত কৰিব লাগে আৰু সকলো লোকৰ উপস্থিতি বাধ্যতামূলক কৰিব লাগে৷ মাতৃসকলক বিশেষভাৱে সজাগ কৰি তুলিব লাগে আৰু অধিক সন্তান জন্ম দিয়াৰ প্রতিবাদ কৰাবলৈ শিকাব লাগে৷ অধিক সন্তান থকা পৰিয়ালৰ পিতৃ–মাতৃক কিছুমান চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে৷ বিশেষকৈ তেনে সন্তানৰ শিক্ষা–দীক্ষা বিনামূলীয়া হ’ব নালাগে৷ চৰকাৰী বাজেটত ‘জনসংখ্যা শিক্ষা’ৰ আৰু ‘যৌন শিক্ষা’ৰ বাবে আছুতীয়াকৈ শকত পুঁজিৰ ধার্য কৰিব লাগে৷ প্রতিটো সাংস্কৃতিক অনুষ্ঠান আৰু অন্যান্য ৰাজহুৱা উৎসৱ আদিত অভিজ্ঞ ব্যক্তিৰ হতুৱাই জনসংখ্যা শিক্ষাৰ আধাৰত একোটা সৰু বত্তৃণতা দিয়াটো বাধ্যতামূলক কৰিব লাগে৷ জনসংখ্যা শিক্ষাৰ প্রসাৰ আৰু প্রচাৰ খৰতকীয়া কৰি তুলিবৰ বাবে অসম চৰকাৰে শিক্ষাথ্ তথা জনসাধাৰণক উন্নত প্রযুক্তিবিদ্যাৰে বিশ্বৰ বিভিন্ন উন্নত দেশৰ জীৱনধাৰণৰ প্রণালী আৰু মান সম্পক্য় তথ্যচিত্র আদি দেখুৱাব লাগে লগতে প্রত্যক্ষভাৱেও তেওঁলোকক তেনেবোৰ দিশ ঘৰতে থাকি চোৱাত সুবিধা কৰিব লাগে৷ উল্লেখ্য যে ভাৰত চৰকাৰৰ ঘোষিত ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ৰ যোগেদি যি বিশ্বমানৰ শিক্ষা প্রদানেৰে বহনক্ষম উন্নয়নৰ কথা ভবা হৈছে অন্তর্ভুক্তিকৰণ আৰু সমদর্শিতা বা নিৰপেক্ষ গুণসম্পন্ন শিক্ষা তথা সকলোৰে বাবে জীৱনব্যাপি শিকন সুবিধাৰ উন্নীতকৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেয়া সার্থকভাৱে চৰকাৰে ৰূপায়ণ কৰিবলৈ হ’লে দ্রুতগতিত জনসংখ্যা বৃদ্ধি হৈ থকা ৰাষ্ট্র বা ৰাজ্যৰ ক্ষেত্রত সম্ভৱ নহয়৷ সেয়ে জনবহুল ৰাজ্য অসমৰো জনসংখ্যা নিয়ন্ত্রণৰ বাবে চৰকাৰে এতিয়াৰে পৰা দুগুণ উদ্যমেৰে ইতিবাচক পদক্ষেপ ল’ব নোৱাৰিলে, জনসংখ্যা শিক্ষাৰ প্রচাৰ, প্রসাৰ তথা সংবর্ধিত কৰিব নোৱাৰিলে সেয়া সার্থক ৰূপায়ণ সম্ভৱ নহয়৷
ৰাষ্ট্রীয় শিক্ষানীতি–২০২০ৰ লক্ষ্য আৰু কার্যসমূহ সার্থকভাৱে আৰু সন্তুলিতভাৱে ৰূপায়ণ কৰিবলৈ হ’লে জনসংখ্যা হ্রাস কৰিবই লাগিব৷ তাকে কৰিবলৈ হ’লে পাঠ্যক্রমত জনসংখ্যা শিক্ষা বাধ্যতামূলকভাৱে অন্তর্ভুক্ত কৰি শিকোৱাৰ ওপৰত গুৰুত্ব দিব লাগিব৷ ৰাষ্ট্রীয় শিক্ষানীতি–২০২০ৰ সকলো দিশ বাস্তৱায়িত কৰিবলৈ হ’লে জনসংখ্যাৰ পূর্বানুমান কৰি ল’ব লাগিব অন্যথা পূর্বৰ শিক্ষা আঁচনিবোৰৰ দৰে আধৰুৱা হৈ ৰ’ব৷ শিক্ষাথ্কে আদি কৰি সমাজৰ সকলো স্তৰৰ লোকৰ মাজত জনসংখ্যা শিক্ষাৰ প্রতি সজাগতা সৃষ্টি কৰিব লাগিব৷ তাকে কৰিব পাৰিলেহে জনসংখ্যা নিয়ন্ত্রণ হ’ব, জনসংখ্যা নিয়ন্ত্রণ হ’লেহে শৈক্ষিক আঁচনিবোৰো চৰকাৰে কার্যকৰী কৰিব পাৰিব৷ সকলোবোৰ লক্ষ্য আৰু কার্য সার্থকভাৱে ৰূপায়ণ কৰিবলৈ হ’লে জনসংখ্যা শিক্ষা বিস্তাৰিতভাৱে প্রচাৰ আৰু প্রদানৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব৷ তেহে আমাৰ ৰাজ্যই কাম্য জনসংখ্যাৰ বোজা লৈ সকলোকে সমভাৱে উন্নতিৰ পথত আগুৱাই নিব পাৰিব৷ অসমৰ এই জ্বলন্ত সমস্যাটো দক্ষতাৰে নির্মূলকৰণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা পৰিচালিত চৰকাৰে বিশেষ ভূমিকা পালন কৰিব পাৰিব৷ শেষত ক’ব পাৰি যে মানৱ প্রজাতিৰ সংৰক্ষণৰ বাবে কাম্য জনসংখ্যাৰহে দৰকাৰ৷ জনসংখ্যাৰ ইচ্ছাকৃত অতিৰিক্ত বোজাৰ বহন কোনো কাৰণতেই বর্তমান বিজ্ঞান প্রযুক্তিবিদ্যাৰে সমৃদ্ধ সমাজৰ বাবে গ্রহণীয় নহয়৷