ভাৰতক জাহাজ বিধ্বংসী অত্যাধুনিক হার্পুন ক্ষেপণাস্ত্র দিব আমেৰিকাই
দুই দেশৰ মাজত ৮২ নিযুত মার্কিন ডলাৰৰ চুক্তিত অনুমোদন
নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ ভাৰতক জোহাজ বিধ্বংসী অত্যাধুনিক হার্পুন ক্ষেপণাস্ত্র বিক্রী কৰিব আমেৰিকা যুক্তৰাষ্ট্রই৷ হার্পুন জইণ্ট কমনটেষ্ট ছেট (জে চি টি এছ) আৰু ইয়াৰ লগত জড়িত সা–সামগ্রী ভাৰতক বিক্রী কৰাৰ বাবে চুক্তিত অনুমোদন জনাইছে মার্কিন যুক্তৰাষ্ট্রই৷ জাহাজ বিধ্বংসী হার্পুন ক্ষেপণাস্ত্রক লৈ দুই দেশৰ মাজত ৮২ নিযুত মার্কিন ডলাৰৰ চুক্তি সম্পন্ন হৈছে৷ মার্কিন প্রশাসনৰ বিবৃতিত প্রকাশ পোৱা মতে হার্পুন ক্ষেপণাস্ত্র আৰু ইয়াৰ সা–সামগ্রী বিক্রী কৰাৰ বাবে আমেৰিকাৰ প্রশাসনে অনুমোদন জনাইছে৷ এই চুক্তিৰ জৰিয়তে ভাৰত–আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক কৌশলগত সম্পর্ক শক্তিশালী হোৱাৰ লগতে ভাৰত প্রশান্ত মহাসাগৰ অঞ্চলৰ নিৰাপত্তাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ অংশীদাৰিত্বৰ ফলপ্রসূ প্রভাৱ পৰিব৷
পেণ্টাগনৰ ডিফেন্স ছিকিউৰিটী কো–পাৰেচন এজেঞ্চী (ডি এছ চি)এ ইতিমধ্যে মার্কিন কংগ্রেছৰ পৰা কালি ভাৰতক জাহাজ বিধ্বংসী হার্পুন ক্ষেপণাস্ত্র বিক্রী কৰাৰ বাবে প্রয়োজনীয় অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে হার্পুন হৈছে জাহাজ বিধ্বংসী ক্ষেপণাস্ত্র৷ ভাৰত চৰকাৰে আমেৰিকাৰ পৰা এটি হার্পুন জইণ্ট কমন টেষ্ট ছেট ক্রয়ৰ বাবে আগ্রহ প্রকাশ কৰাই নহয়, এইক্ষেত্রত মার্কিন যুক্তৰাষ্ট্রৰ প্রশাসনৰ ওচৰত প্রস্তাৱ ৰাখিছিল৷ সেই মর্মেই মার্কিন যুক্তৰাষ্ট্রই ভাৰতক হার্পুন ক্ষেপণাস্ত্র বিক্রী কৰাৰ বাবে সন্মতি প্রকাশ কৰে৷ ভাৰত–আমেৰিকাৰ কৌশলগত সম্পর্ক শক্তিশালী কৰাৰ লগতে আমেৰিকাৰ বৈদেশিক নীতি আৰু ৰাষ্ট্রীয় সুৰক্ষাৰ ক্ষেত্রতো সহায়ক হ’ব৷ মন কৰিবলগীয়া যে হার্পুন ক্ষেপণাস্ত্র বিশ্বৰ সবাতোকৈ সফল জাহাজ বিধ্বংসী ক্ষেপণাস্ত্র৷ এই ক্ষেপণাস্ত্র বিশ্বৰ ৩০খনতকৈ অধিক দেশৰ হাতত আছে৷