নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণী হৈ মেঘালয়লৈ অব্যাহত গৰুৰ চোৰাং সৰবৰাহ

নতুন চিমিনা চুবুৰিত নির্দিষ্ট স্থানত গো মাফিয়াই স্থাপন কৰিছে খুঁটি

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্রাগ্ছৰ সমান্তৰালভাৱে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্রীয় গৰু চুৰিৰ লগতে চোৰাংকৈ গৰু সৰবৰাহ কৰা গো–মাফিয়াসকলৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রীৰ নির্দেশত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই নিজে এই অভিযানৰ তদাৰক কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ পিছতো আৰক্ষী–নিৰাপত্তাৰক্ষ্ গিজগিজাই থকা দক্ষিণ কামৰূপৰ ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা বিজয়নগৰ আৰক্ষী চকীৰ সমীপৰ বাটৰহাট–ৰঙামাটি সংযোগী পথেৰে দিনৰ পোহৰতে সকলোৱে দেখাকৈ গৰুভর্তি পিকআপ ভান চলাচল কৰি থকা ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি বিভিন্ন ভিতৰুৱা পথেৰে গৰুভর্তি ভানবোৰ পোনে পোনে লোহাৰঘাট বাগানলৈ ৰাওনা হয়৷ তাত নতুন চিমিনা নামৰ এটা চুবুৰিত নির্দিষ্ট স্থানত গো–মাফিয়াই স্থাপন কৰা বাঁহৰ তথা খুঁটিত গৰুবোৰ এদিন বা দুদিন ৰখা হয়৷

লক্ষণীয়ভাৱে সকলোৱে দেখিলেও ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা দক্ষিণ কামৰূপৰ ছয়গাঁও, বিজয়নগৰ আৰক্ষীয়ে দিনৰ পোহৰতে খোলাকৈ অবৈধভাৱে গৰু সৰবৰাহ কৰা পিকআপ ভানসমূহ কিয় দেখা নাপায় তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে৷ তাৰ পাছত আন বেলেগ পিকআপ ভানেৰে কৌশলেৰে গাডীৰলিক, মুদুকী, ৰংচাই, বাখলাপাৰা, জিমিৰগাঁও , উমত্রু হৈ গাতে লগা মেঘালয়ৰ ৰিভয় জিলাৰ জিৰাং, সৰু পাহাম , পাথৰখামাৰ দিশে গৰুবোৰ লৈ যোৱা হয়৷ জানিব পৰা মতে গো–মাফিয়া চক্রটোৱে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰে চোৰাং গৰুসমূহ ৷ এই গৰুসমূহ দক্ষিণ কামৰূপৰ গৰৈমাৰী, সোণতলী , নগৰবেৰা, কালাতলীৰ উপৰি বৰপেটা জিলাৰ বহৰি আদি অঞ্চলৰ পৰা সংগ্রহ কৰে গো–মাফিয়া চক্রটোৱে৷

অভিযোগ মতে ইয়াৰ বেছিভাগেই হৈছে কোনো লোকৰ গোহালিৰ পৰা বা বাট–পথ, পথাৰ আদিৰ পৰা কৌশলেৰে চুৰি কৰা গৰু ৷ আনহাতে চোৰাং গৰু কঢ়িওৱা বাহনবোৰ নিবলৈ মেঘালয়ৰ পৰা অহা গো–মাফিয়াই অসম–মেঘালয় সীমান্তত দুই–তিনিদিনলৈ বাহৰ পাতি থাকে বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য যে লোহাৰঘাট, বৰদুৱাৰ বাগান, বৃহত্তৰ মাটাইখাৰ অঞ্চলত এইপর্যন্ত আৰক্ষীৰ কোনো পহৰাৰ ব্যৱস্থা নাই৷ আজাৰা আৰু পলাশবাৰী থানাৰ অন্তর্গত অঞ্চল হ’লেও অঞ্চলটোৰ পৰা থানাৰ দূৰত্ব প্রায় ঠাইভেদে ২৫ৰ পৰা ৩৫ কিঃমিঃ পর্যন্ত৷ যাৰবাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মধ্যৱর্তী আৰু সকলো ফালৰ পৰা যোগাযোগৰ সুচল স্থান হিচাপে পৰিচিত মাটাইখাৰ প্রাথমিক স্বাস্থ্যকেন্দ্র বা মাটিফুটা সত্রৰ আশে–পাশে এটা আৰক্ষী চকী স্থাপন কৰিবলৈ বহুদিনৰ পৰা দাবী জনাই আহিছে৷

You might also like