নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপীড়িতক সহায় কৰিবলৈ গৈ পানীৰ মাজত নিজেই আৱদ্ধ হ’ল এজন মন্ত্ৰীঃ পাছত উদ্ধাৰ কৰিলে সেনাই

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ  মধ্যপ্ৰদেশত বানপানীত ক্ষতিগ্ৰস্ত অঞ্চলত আৱদ্ধ লোকসকলক সহায় কৰিবলৈ গৈ মধ্যপ্ৰদেশ চৰকাৰৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰ (Narottam Mishra) নিজেই আৱদ্ধ হৈ পৰে। পাছত তেওঁক বিমানেৰে প্লাবিত অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলগীয়া হয়।

উল্লেখ্য যে গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই বানপীড়িত দাতিয়া জিলাত ৯ জন লোক এখন ঘৰৰ চালত আৱদ্ধ হৈ থকাৰ খবৰ লাভ কৰিছিল। ঘৰটো চালৰ বাহিৰে সম্পূৰ্ণৰূপে ডুব গৈছিল। নৰোত্তম মিশ্ৰ এই অঞ্চলটোৰে বিধায়ক। তেওঁলোকে এই বিষয়ে জানিব পৰাৰ লগে লগে এছডিআৰএফৰ নাওখনত সাহায্য কৰ্মীৰ সৈতে ৰাইজৰ কাষ চাপিবলৈ সক্ষম হয়। কিন্তু মন্ত্ৰীজনে আৱদ্ধ লোকসকলক উদ্ধাৰৰ ব্যৱস্থা কৰাৰ আগতেই এদাল গছ ভাঙি নাওখনত বাগৰি পৰে। যাৰ পিছত নাওখনৰ মটৰটো ষ্টাৰ্ট কৰিব নোৱাৰিলে।

অৱশ্যে অলপ সময়ৰ ভিতৰতে স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰাৰ পিছত, তেওঁলোক আৰু আন ৯ জন লোকক উদ্ধাৰ কৰিবলৈ ভাৰতীয় বায়ু সেনাৰ এখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছিল। আৱদ্ধ হৈ থকা সকলো লোককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছিল।

You might also like