অসম–মেঘালয়ৰ সীমা বিবাদঃ শংকিত ৰাণী গণপতিৰ কেইবাশ পৰিয়াল
নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ গুৱাহাটীৰ গাতে লগা মেঘালয়ৰ সীমান্তৱর্তী ৰিভ’ই জিলা প্রশাসনে খানাপাৰাৰ পৰা চানডুবিৰ সমীপলৈকে অসমৰ ভিতৰত থকা প্রায় ২৫খন গাঁৱৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ যি তৎপৰতা আৰম্ভ কৰিছে, তাক লৈ সীমান্তৱর্তী গাঁওসমূহৰ বাসিন্দাসকল চিন্তিত হৈ পৰিছে৷ বিশেষকৈ পশ্চিম গুৱাহাটীৰ সৰু মফচলীয় অঞ্চল ৰাণীৰ গাতে লগা গণপতিক বিগত কেইবাবছৰ ধৰি মেঘালয়ে তেওঁলোকৰ অঞ্চল বুলি প্রমাণিত কৰিবলৈ উঠিপৰি লাগিছে৷ এই সন্দর্ভত গণপতি অঞ্চলৰ কেইবাজনো বাসিন্দাই অভিযোগ কৰা অনুসৰি পূর্বৰ কংগ্রেছ চৰকাৰৰ ভুলৰ বাবে অঞ্চলটোক মেঘালয়ে নিজৰ বুলি দাবী কৰিবলৈ সাহস পাইছে৷
আনকি সীমাৰ পৰা বহু ভিতৰলৈ সোমাই আহি খাচী হিলছ অট’নমাছ ডিষ্ট্রিক্ট কাউন্সিল চমুকৈ কে এইচ এ ডি চিয়ে ২০১৫ চনত গৃহ নির্মাণ কৰি তাত গণপতি ভিলেজ দৰবাৰ হল স্থাপন কৰিছে৷ সমান্তৰালভাৱে অসমৰ বহু বাসিন্দাক ভোটাধিকাৰ, মাটিৰ পট্টা, ৰেচন কার্ড, আধাৰ কার্ড আদি প্রদান কৰিছে৷ অথচ এই সন্দর্ভত তেতিয়া স্থানীয় পলাশবাৰী ৰাজহ চক্র বিষয়াক অৱগত কৰা হৈছিল৷ কিন্তু বাসিন্দাসকলে অভিযোগ কৰা মতে, তেতিয়া চক্র বিষয়াই এনে স্পর্শকাতৰ বিষয়টোত গুৰুত্ব নিদিয়াত মেঘালয়ে তেওঁলোকৰ আগ্রাসন অব্যাহত ৰাখে৷ অঞ্চলটোৰ ৭৫ শতাংশৰো অধিক লোকৰ মাটিৰ পট্টা নাই৷
যুগ যুগ ধৰি বাস কৰি অহা গাৰো সম্প্রদায়ৰ লোকসকলে নিজকে অসমৰ লোক বুলি গৌৰৱ কৰি আহিছে৷ কিন্তু অসম চৰকাৰৰ অৱহেলাৰ বাবে বাসিন্দাসকল শংকিত হৈ পৰিছে৷ কিয়নো ৬ আগষ্টৰ প্রস্তাৱিত আলোচনাত যদি মেঘালয়ে গণপতিক তেওঁলোকৰ বুলি দাবী কৰে তেতিয়া কি হ’ব৷ যুগ যুগ ধৰি বাস কৰি অহা বাসিন্দাসকলক অতি প্রয়োজনীয় মাটিৰ পট্টা প্রদান নকৰাত ৰিভ’ই জিলা প্রশাসনে মাটিৰ পট্টা প্রদানৰ কাম আৰম্ভ কৰিছে৷ আনকি চৰকাৰী–বেচৰকাৰী বিদ্যালয় স্থাপনৰ কামো অব্যাহত ৰাখিছে৷ এক কথাত মেঘালয় প্রশাসনে গণপতিক নিজৰ বুলি দাবী কৰিবলৈ সকলোখিনি তৎপৰতা সম্পূর্ণ কৰি তুলিছে৷