নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ আগষ্টৰ পৰা চিকিৎসকক প্রদান কৰিব গাড়ী চালনাৰ অনুজ্ঞা–পত্র

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ কামৰূপ জিলা পৰিবহণ বিভাগৰ আন এক প্রশংসনীয় পদক্ষেপ৷ উচ্চতৰ মাধ্যমিকত উত্তীর্ণ শিক্ষার্থীসকলৰ পিছত এইবাৰ চিকিৎসকক সকাহ দিয়াৰ বাবে আন এক ইতিবাচক পদক্ষেপ হাতত লৈছে কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে৷ এইবাৰ স্বাস্থ্য সেৱাৰ লগত জডিত প্রকৃত সেনানীসকলক থিতাতে গাডী চালনাৰ অনুজ্ঞা–পত্র দিয়াৰ সিদ্ধান্ত লৈছে পৰিবহণ বিষয়া গৌতম দাসে৷ লক্ষণীয় যে ব্যস্ততাপূর্ণ জীৱনৰ বাবে বহু চিকিৎসকে প্রয়োজনীয় বুলি ভবাৰ পিছতো এইপর্যন্ত সময়ৰ অভাৱৰ বাবে লাভ কৰিব পৰা নাই গাড়ী চালনাৰ অনুজ্ঞা–পত্র৷

সেয়েহে অহা ১১ আগষ্টৰ পৰা এইসকল আগশাৰীৰ যোদ্ধাক গাড়ীচালনাৰ অনুজ্ঞা–পত্র দিয়াৰ বাবে কামৰূপ জিলা পৰিবহণ বিভাগে হাতত লৈছে এই ইতিবাচক পদক্ষেপ৷ অহা ১১ আগষ্টৰ পৰা প্রতিদিনে ১০জনকৈ চিকিৎসকক কামৰূপ জিলা পৰিবহণ বিভাগে গাড়ী চালনাৰ অনুজ্ঞা–পত্র প্রদান কৰাৰ সিদ্ধান্ত লৈছে কামৰূপ জিলা পৰিবহণ বিভাগে৷ ক’ভিড মহামাৰীৰ সময়ত চিকিৎসকসকলে নিষ্ঠাৰে পালন কৰা কর্তব্যৰ চানেকি হিচাপে কামৰূপ জিলা পৰিবহণ বিভাগে থিতাতে প্রদান কৰিব গাড়ী চালনাৰ অনুজ্ঞা–পত্র৷

তদুপৰি চিকিৎসকসকলৰ সময়ৰ অভাৱৰ প্রতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে গ্রহণ কৰিছে এই পদক্ষেপ৷ পৰৱর্তী সময়ত চিকিৎসা সেৱাৰ লগত জডিত আন আন চিকিৎসা কর্মীকো পৰিবহণ বিভাগে আগবঢ়াব এই সুবিধা৷ অহা ১১ আগষ্টত কামৰূপ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ত এই পদক্ষেপৰ শুভাৰম্ভ কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই৷ ইফালে, চিকিৎসকসকলৰ প্রতি লক্ষ্য ৰাখি কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে লোৱা এই পদক্ষেপক আদৰণি জনাইছে চিকিৎসকসকলে৷

You might also like