ধীৰেনপাৰা ইটাভাতাত মহানগৰ আৰক্ষীৰ অভিযানঃ অপহূত শিশুক উদ্ধাৰ, সাতজনক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ বেহাৰবাৰীৰ ব্রহ্মপুত্র বজাৰৰ পৰা বুধবাৰে এটি ৩ মহীয়া শিশুক অপহৰণ কৰি নিয়া ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই শিশু অপহৰণৰ ঘটনা সন্দর্ভত বশিষ্ঠ থানাত ৰুজু হোৱা ১৪৮৮/২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই শিশু অপহৰণৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত মহিলাসহ পাঁচজনকৈ লোকক গ্রেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷
বশিষ্ঠ আৰক্ষীয়ে শিশু অপহৰণৰ ঘটনা সন্দর্ভত গ্রেপ্তাৰ কৰা লোককেইজন ক্রমে আছমিনা খাতুন, ইমান আলী, ৰফিকুল ইছলাম, ছাইদুল আখমন আৰু মজিৰুল খান৷ বশিষ্ঠ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কালি হাতীগাঁৱৰ একেটা ভাৰাঘৰতে থকা লাইলা বেগম (মঞ্জু) নামৰ মহিলাগৰাকীয়ে হালিমা বেগমৰ তিনিমহীয়া শিশুটিক অপহৰণ কৰি নিয়ে৷ কালি নিশা কটাহবাৰীকে ধৰি কেইবাটাও স্থানত শিশুটিক উদ্ধাৰৰ বাবে বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাইছিল যদিও শিশুটিৰ সন্ধান উলিয়াব পৰা নাই৷ ইফালে, বশিষ্ঠ আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰিবলৈ মুকালমুৱাতো অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷