নাগৰিকক ওভতাই নিবলৈ কাবুলত আমেৰিকান সেনা
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ তালিবানৰ দখললৈ আফগানিস্তানৰ ৰাজধানী কাবুল যিকোনো মুহূর্ততে যাব পাৰে৷ বর্তমান কাবুলৰ পৰা ৫০ কিলোমিটাৰ নিলগত অৱস্থান গ্রহণ কৰিছে তালিবানে৷ সেনা প্রত্যাৱর্তন পর্ব চলি থকাৰ সময়তে আফগানিস্তানলৈ নতুনকৈ সেনা পঠিওৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে আমেৰিকাই৷ অৱশ্যে এইবাৰ তালিবানৰ অগ্রগতিক প্রতিৰোধ কৰিবলৈ নহয়, আফগানিস্তানত কর্মৰত আমেৰিকান নাগৰিকসকলক নিৰাপদে দেশলৈ ওভতাই নিয়াৰ বাবেহে সেনা পঠিয়াইছে জ’ বাইডেন প্রশাসনে৷ আমেৰিকাত ভিছাৰ আবেদন মঞ্জুৰ হোৱা বিদেশী নাগৰিকসকলকো সেনাৰ নিৰাপত্তা প্রদান কৰিব হোৱাইট হাউছ প্রশাসনে৷
লক্ষণীয়ভাৱে কাবুল আন্তর্জাতিক বিমানবন্দৰত নিজ দেশৰ নাগৰিকসকলে গৃহভূমিলৈ প্রত্যাৱর্তনৰ সময়ত যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, সেই বিষয়টোত গুৰুত্ব দিব তিনি হাজাৰ আমেৰিকান সৈনিকে৷ কাবুলৰ পৰা মাত্র ৫০ কিলোমিটাৰ দূৰত তালিবান যোদ্ধাসকলে অৱস্থান গ্রহণ কৰাৰ লগে লগে বিভিন্ন দেশৰ কূটনীতিক তথা দূতৱাস কর্মীসকলক গৃহভূমিলৈ ওভতাই নিয়াৰ প্রক্রিয়াও আৰম্ভ হৈছে৷
শেহতীয়াকৈ তালিবানে লগাৰ প্রদেশৰ ৰাজধানী চহৰ দখল কৰিছে৷ কান্দাহাৰত নিয়ন্ত্রণ সাব্যস্ত কৰিছে তালিবানে৷ আনকি প্রদেশ দুখনৰ চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি প্রাণৰ মমতাত মানুহে পলায়ন কৰিছে৷ পেণ্টাগনৰ মুখপাত্র জন কিৰবিয়ে আজি এক বিবৃতিত উল্লেখ কৰা অনুসৰি আফগানিস্তানত বিভিন্ন দায়িত্বত থকা আমেৰিকান সংস্থা আৰু তেওঁলোকৰ সহযোগীসকলক নিৰাপত্তা প্রদান কৰাটো ৰাষ্ট্রপতি জ’ বাইডেনে প্রধান কর্তব্য বুলি গুৰুত্ব দিছে৷ গতিকে ৰাষ্ট্রপতিৰ নির্দেশ মৰ্মেই তাৎক্ষণিকভাৱে কাবুল আন্তর্জাতিক বিমানবন্দৰলৈ প্রেৰণ কৰা হৈছে আমেৰিকান সেনাক৷ স্মর্তব্য যে আগন্তুক ৯০ দিনৰ ভিতৰত আফগানিস্তান পুনৰ তালিবানৰ দখললৈ যাব পাৰে বুলি আশংকাৰ প্রকাশ কৰিছে আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰ পেণ্টাগনে৷