লর্ডছত টীম ইণ্ডিয়াৰ স্মৰণীয় জয়
নিয়মীয়া বাৰ্তা, ১৭আগষ্ট: ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত স্মৰণীয় জয়ৰ সোৱাদ লাভ কৰিছে টীম ইণ্ডিয়াই৷ ক্রিকেটৰ মক্কা লর্ডছত অনুষ্ঠিত মেচখনত সোমবাৰে অন্তিম দিনা আলহী দলটোৱে ১৫১ ৰানত জয় সাব্যস্ত কৰি শৃংখলাত ১–০ৰ অগ্রগতি লৈছে৷ ২৭২ ৰানৰ পিছ লৈ ইংলেণ্ডে মাত্র ১২০ ৰানতে ইনিংছ সামৰে৷
টীম ইণ্ডিয়াৰ এই জয়ত মুখ্য ভূমিকা গ্রহণ কৰি বেগী বলাৰ মহম্মদ ছিৰাজে চাৰিটা, যশপ্রীত বুমৰাহে ৩টা, ঈশান্ত শর্মাই ২টা আৰু মহম্মদ ছামিয়ে এটা উইকেট পায়৷ ইয়াৰ পূর্বে ভাৰতে কালিৰ ১৮১/৬ৰ পৰা খেলিবলৈ আৰম্ভ কৰি কালি ৮ উইকেট হেৰুৱাই ২৯৮ ৰান সংগ্রহ কৰি দ্বিতীয় ইনিংছৰ সমাপ্তি ঘোষণা কৰে৷
দেওবাৰৰ অপৰাজিত বেটছমেনদ্বয় ঋষভ পণ্ট আৰু ঈশান্ত শর্মা সোমবাৰে পুৱা কম সময়ৰ ভিতৰতে আউট হোৱাত ভাৰত বিপর্যয়ৰ সন্মুখীন হয় যদিও আলহী দলটোৰ হৈ ত্রাণকর্তাৰ ৰূপত অৱতীর্ণ হয় দুই তাৰকা বেগী বলাৰ মহম্মদ ছামি আৰু যশপ্রীত বুমৰাহ৷ পণ্ট ২২ আৰু ঈশান্ত ১৬ ৰানত আউট হয়৷ কেৰিয়াৰৰ দ্বিতীয়টো টেষ্ট অর্ধশতক অর্জন কৰি ছামি ৫৬ ৰানত অপৰাজিত হৈ ৰয়৷ তেওঁ ৭০ বলৰ সন্মুখীন হৈ ছটা বাউণ্ডেৰী আৰু এটা অ’ভাৰ বাউণ্ডেৰী কোবায়৷ বুমৰাহে ৬৪ বলত তিনিটা বাউণ্ডেৰীৰ সহায়ত অপৰাজিতভাৱে ৩৪ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ দুয়োগৰাকীয়ে নৱম উইকেটত মূল্যৱান ৮৯ ৰান যোগ দি ইংলেণ্ডৰ সন্মুখত ২৭২ ৰানৰ লক্ষ্য বান্ধি দিয়ে৷