ভাৰতীয় অলিম্পিক দলক সাক্ষাৎ মোদীৰ
নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট: সদ্যসমাপ্ত টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে সোমবাৰে পুৱাৰ আহাৰ গ্রহণ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রীৰ চৰকাৰী কার্যালয়ত আয়োজিত চাহ মেলত মোদীয়ে স্বর্ণবিজয়ী নীৰজ চোপ্রা আৰু ব্রঞ্জ বিজয়ী শ্বাটলাৰ সিন্ধুৰ সৈতে মত বিনিময় কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে পূর্বৰ প্রতিশ্রুতি ৰক্ষা কৰি সিন্ধুৰ সৈতে আইচক্রীমৰ সোৱাদ গ্রহণ কৰে৷
উল্লেখ্য যে জুলাইত ভাৰতীয় খেলুৱৈসকলৰ সৈতে হোৱা অনলাইন বার্তালাপত প্রধানমন্ত্রী মোদীয়ে কৈছিল যে অলিম্পিকৰ প্রস্তুতিৰ বাবে পি ভি সিন্ধুৱে দীর্ঘদিন ধৰি প্রিয়খাদ্য আইচক্রীম খাব পৰা নাই৷ প্রধানমন্ত্রী মোদীয়ে সোমবাৰে সিন্ধুৰ সৈতে আইচক্রীমৰ সোৱাদ গ্রহণ কৰি এই প্রতিশ্রুতি ৰক্ষা কৰে৷
ইফালে, এই অনুষ্ঠানত ব্রঞ্জবিজয়ী অসমৰ লাভলীনা বৰগোহাঁইকে ধৰি ভাৰতীয় দলৰ অধিকাংশ সদস্য উপস্থিত থাকে৷ উল্লেখ্য যে ইয়াৰ পূর্বে প্রধানমন্ত্রীয়ে দেওবাৰে লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কার্যসূচীত ভাৰতীয় অলিম্পিক দলৰ চমকপ্রদ প্রদর্শনক ভূয়সী প্রশংসা কৰিছিল৷
আনহাতে, তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাটকো চাহ মেলত দেখিবলৈ পোৱা যায়৷ টকিঅ’ৰ পদক বিজয়ী ৰবি দাহিয়া আৰু বজৰং পুনিয়াই তেওঁক সংগ দিয়ে৷