নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গণশিল্পী খগেন মহন্তৰ জন্ম বাৰ্ষিকীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ অসমৰ প্ৰসিদ্ধ সংগীত শিল্পী, বিহু সম্ৰাট খগেন মহন্তৰ আজি জন্ম বাৰ্ষিকী ৷ ১৯৪২ চনৰ আজিৰ দিনটোতে নগাঁও জিলাৰ জাজৰিত জন্মগ্ৰহণ কৰিছিল প্ৰয়াত শিল্পীগৰাকীয়ে ৷

১৯৪২ চনৰ ১৭ আগষ্টত নগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকী অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছে। অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা অন্যৱদ্য দক্ষতাৰ বাবে শিল্পীগৰাকীক বিহু সম্ৰাট বুলি কোৱা হয়।

শিল্পীগৰাকীৰ জন্ম বাৰ্ষিকীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “সমাজৰ দ্বন্দ্ব, গ্ৰাম্য জীৱনৰ সৰলতা, প্ৰকৃতিৰ লাৱণ্যৰ সমাহাৰৰ দ্বাৰা সুৰ আৰু কণ্ঠৰ মায়াজালেৰে প্ৰায় পাঁচটা দশক ধৰি অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰা এগৰাকী শিল্পী সত্তা আছিল খগেন মহন্তদেৱ। সামাজিক বাধা নেওচি অসমৰ চিৰ পৰিচয় বিহুগীতক এক বিশাল পৰিধিলৈ উলিয়াই অনাৰ ক্ষেত্ৰত শিল্পীগৰাকীৰ অৱদান অনস্বীকাৰ্য। অসমীয়া আধুনিক সংগীতৰ ক্ষেত্ৰখনতো এক স্বকীয় শৈলীৰে এগৰাকী কিংবদন্তি গায়ক হিচাপে স্বীকৃতি লাভ কৰা মহন্তদেৱৰ চিৰযুগমীয়া গীতসমূহে যুগে যুগে উদ্বুদ্ধ কৰি যাব অসমৰ প্ৰতিগৰাকী সংগীতপ্ৰেমীক। গণশিল্পী খগেন মহন্তদেৱৰ ওপজা দিনত শিল্পীগৰাকীলৈ যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।”

You might also like