নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ু সেনাৰ C-17 বিমানেৰে কাবুলৰ পৰা ভাৰত পালেহি ভাৰতীয় ৰাষ্ট্ৰদূতসহ ১২০ জন লোক

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ আফগানিস্তানত তালিবানী শাসনৰ পুনৰাবৃত্তি৷ নির্বাচিত আফগান চৰকাৰক সহজতে পৰাভূত কৰি চুন্নী ইছলামিক সন্ত্রাসবাদী সংগঠন তালিবানে দেওবাৰে ৰাজধানী কাবুল দখল কৰে৷ ইয়াৰ লগে লগে দেশখনত ২০ বছৰৰ মূৰত তালিবানী শাসনৰ পুনৰাবৃত্তি ঘটিল৷

ইপিনে তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা পৰিস্থিতি অতি দ্ৰুতগতিত অৱনতি ঘটিছে। আমেৰিকাকে ধৰি বিশ্বৰ আন আন দেশবোৰৰ দৰে ভাৰতেও আফগানিস্তানত আৱদ্ধ হৈ থকা নাগৰিকসকলক স্থানান্তৰ কৰাৰ অভিযান তৎপৰ কৰি তুলিছে। আজি ভাৰতীয় বায়ু সেনাৰ C-17 বিমানখনে ভাৰতীয় ৰাষ্ট্ৰদূতকে ধৰি ১২০ জনতকৈও অধিক বিষয়াৰ সৈতে কাবুলৰ পৰা গুজৰাটৰ জামনগৰত উপস্থিত হয়।

উল্লেখ্য যে তালিবানে আফগানিস্তান দখল কৰাৰ পিছত হাজাৰ হাজাৰ লোক কাবুল বিমানবন্দৰত উপস্থিত হৈ অৱৰ্ণনিয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ফলত কাবুল বিমানবন্দৰৰ পৰা সকলো বাণিজ্যিক বিমান উৰা মাৰিবলৈ বাধা দিয়া হৈছে। ইফালে কাবুল বিমানবন্দৰটো অনিয়ন্ত্ৰিত ঘোষণা কৰাৰ পিছত এয়াৰ ইণ্ডিয়াই সোমবাৰে কাবুললৈ যোৱা বিমান বাতিল কৰিছিল।

You might also like