নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: চুন্নী ইছলামিক নিষিদ্ধ সংগঠন তালিবানে আফগানিস্তান দখল কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সন্ত্রাসবাদক লৈ তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ সোমনাথ মন্দিৰকে ধৰি কেইবাটাও উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা ভার্চুৱেলযোগে স্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদ–বিনাশক্ শক্তিক লৈ মন্তব্য আগবঢ়ায়৷ প্রধানমন্ত্রী মোদীয়ে কয় যে বিনাশকাৰী আৰু সন্ত্রাসবাদীয়ে কিছু সময়ৰ কাৰণে দমন কৰি ৰাখিব পাৰে৷ কিন্তু সন্ত্রাসবাদীৰ এই দমন স্থায়ী নহয়৷ অর্থাৎ স্থায়ীভাৱে বর্তি নাথাকে৷ সোমনাথ মন্দিৰ বিভিন্ন সময়ত বিনাশ কৰাৰ পাছতো মন্দিৰটোৰ নিজৰ অস্তিত্ব বর্তাই ৰখাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে তালিবানৰ নাম নোলোৱাকৈয়ে সন্ত্রাসবাদী শক্তিৰ স্থায়িত্ব নাই বুলি সজোৰে উত্থাপন কৰে৷
সোমনাথ মন্দিৰৰ বিভিন্ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে দেশত ধর্মীয় পর্যটনৰ অতি গুৰুত্ব আছে৷ এই ধর্মীয় পর্যটনে যুৱ সংস্থাপনৰ সুবিধা দিয়ে৷ দেশৰ ইতিহাস সম্পর্কেও যুৱই জ্ঞান লাভ কৰে৷ সন্ত্রাসৰ দ্বাৰা আস্থাক আঘাত কৰিব নোৱাৰি৷ আমি অতীতৰ পৰাই এয়া শিকা উচিত৷ দেশৰ ইতিহাসৰ ধ্বজাৰ সৈতে নতুন ভাৰত গঢ়াৰ সংকল্প দেশবাসীয়ে ল’ব লাগিব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে অযোধ্যাত ৰাম মন্দিৰ নির্মাণ হৈ আছে৷ ই হৈছে নতুন ভাৰতৰ শক্তিশালী স্তম্ভ৷