চোৰাং সোণৰ বিস্কুটৰ বেপাৰৰ নায়ক বদ্রীপ্রসাদসহ ১৯ উপ–পৰিদর্শকৰ চাকৰি অবৈধ
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: সোণৰ চোৰাং ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ হোৱা উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱতীসহ মুঠ ১৯জন উপ–পৰিদর্শকে অবৈধভাৱে লাভ কৰিছিল অসম আৰক্ষীত নিযুক্তি৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংগঠনটোৰ এডমিন মানসপ্রতিম বৰুৱাই৷
এক বিজ্ঞপ্তিত সংগঠনটোৰ এডমিন বৰুৱাই কয়– ‘অসম চৰকাৰে ২০০৭ চনৰ ২৫ নৱেম্বৰত এক বিজ্ঞাপন অনুসৰি ২০০৮ চনৰ ১১ ছেপ্টেম্বৰত ১১৫জন প্রার্থীক অসম আৰক্ষীৰ উপ–পৰিদর্শক হিচাপে বাছনিভুক্ত কৰিছিল৷ এই ১১৫জন প্রার্থীৰ মাজৰ এজন আছিল সোণৰ চোৰাং বেহাত অভিযুক্ত বদ্রীপ্রসাদ বাৰুৱতী৷ উপ–পৰিদর্শক নিযুক্তিৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত যথেষ্ট দুর্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈছিল৷
সেই সময়তে ১৭জন বঞ্চিত প্রার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪৪৩৫/২০০৮ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ শুনানিৰ সময়ত তদানীন্তন আইজিপি (এডমিন)–এ উচ্চ ন্যায়ালয়ত ২০১১ চনৰ ১৪ ফেব্রুৱাৰীত এখন শপতনামা দাখিল কৰিছিল৷
এই শপতনামাত উল্লেখ কৰিছিল যে সংৰক্ষিত আসনৰ ক্ষেত্রত কিছু বিভাগীয় ভুল ৰৈ গৈছিল৷ পৰৱর্তী সময়ত তেওঁ এখন শুদ্ধ আৰু সংশোধিত প্রার্থীৰ তালিকা প্রস্তুত কৰাৰ প্রতিশ্রুতি দিয়ে৷ সেইমতে পৰৱর্তী সময়ত ১১৫জনীয়া প্রার্থীৰ এখন শুদ্ধ আৰু সংশোধিত তালিকা প্রকাশ কৰা হয়৷
সেই নতুন তালিকাত পূর্বৰ তালিকাত বাছনিভুক্ত হোৱা ১৯জন প্রার্থীৰ নাম বাদ পৰে৷ এই বাদ পৰাসকলৰ ভিতৰত অন্যতম আছিল চোৰাং সোণৰ ছিণ্ডিকেট চলোৱা গোচৰত নাম সাঙোৰ খোৱা বদ্রীপ্রসাদ বাৰুৱতী৷’ সেয়েহে সংশোধিত তালিকাৰ পৰা নাম কর্তন হোৱাৰ পিছতো বদ্রীপ্রসাদসহ ১৯জন উপ–পৰিদর্শকে কি অজ্ঞাত শক্তিৰ বলত অসম আৰক্ষীত কার্যনির্বাহ কৰাৰ সুবিধা লাভ কৰি আছে বুলিও সংগঠনটোৱে প্রশ্ন উত্থাপন কৰে৷
আনকি সংশোধিত তালিকাৰ পৰা নাম কর্তন হোৱা এই ১৯জন উপ–পৰিদর্শকক পৰিদর্শক পদলৈ পদোন্নতিৰ বাবে প্রশিক্ষণপর্যন্ত গ্রহণ কৰিছে বুলি উল্লেখ কৰি মানসপ্রতিম বৰুৱাই কয়– ‘ক’ৰবাত নহয় ক’ৰবাত অসম আৰক্ষীৰে এচাম শীর্ষ বিষয়াই দুর্নীতিগ্রস্ত আন একাংশ বিষয়াক সুৰক্ষা প্রদান কৰি আহিছে৷ কিছুদিন পূর্বে প্রায় চাৰি কোটি টকাৰ সোণৰ বিস্কুট চুৰি গোচৰত গ্রেপ্তাৰ হোৱা উপ–পৰিদর্শক নিপু কলিতাক পুনৰ চাকৰিত মকৰলৰ সংবাদে সচেতন মহলক চিন্তিত কৰিছে৷ সেইদৰে ৰাজধানী এক্সপ্রেছৰ পৰা সোণ আৰু ধন লুটত অভিযুক্ত হৈ গ্রেপ্তাৰ হোৱা সহকাৰী উপ–পৰিদর্শক শ্রৱণ কুমাৰ ঝাৰ চাকৰিত পুনৰ মকৰলৰ বাতৰিয়েও ৰাজ্যত তোলপাৰ লগাইছিল৷ সেয়েহে অসম আৰক্ষীৰ ভিতৰচ’ৰাত হৈ থকা এই সকলো দুর্নীতি আৰু অনিয়মৰ ক্ষেত্রত চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিব লাগে৷’