নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাইনেলৰ প্রাকমুহূর্তত পাকিস্তানৰ আর্ছাদৰ হাতত আছিল নীৰজ চোপ্রাৰ জেভলিন

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট:  সদ্যসমাপ্ত টকিঅ’ অলিম্পিকত ভাৰতৰ নীৰজ চোপ্রাই জেভলিন থ্র’ত স্বর্ণপদক দখল কৰি ইতিহাস ৰচনা কৰিছিল৷ নীৰজে ৮৭.৫৮ মিটাৰ দলিয়াই ঐতিহাসিক স্বর্ণপদকটো লাভ কৰিছিল৷ কিন্তু ফাইনেলৰ প্রাকমুহূর্তত সকলো ঠিকে–ঠাকে নাছিল ভাৰতীয় জেভলিন থ্র’ৱাৰগৰাকীৰ৷

ফাইনেলত অংশ লোৱাৰ সময়ত নীৰজে বিচাৰি পোৱা নাছিল তেওঁৰ জেভলিন৷ সেই সময়ত নীৰজে তেওঁৰ জেভলিন পাকিস্তানৰ আর্ছাদ নদিমৰ হাতত দেখা পাইছিল৷ সংবাদ প্রতিষ্ঠানৰে হোৱা এক সাক্ষাৎকাৰত এই চাঞ্চল্যকৰ মন্তব্য কৰিছে নীৰজ চোপ্রাই৷ সাক্ষাৎকাৰত ভাৰতীয় তাৰকা জেভলিন থ্র’ৱাৰগৰাকীয়ে কয় যে ফাইনেলত ভাগ লোৱাৰ পূর্বে মই জেভলিন বিচাৰি পোৱা নাছিলোঁ৷ হঠাৎ মই দেখিলোঁ যে মোৰ জেভলিন পাকিস্তানৰ আর্ছাদ নদিমে হাতত লৈ আছে৷ লগে লগে মই আর্ছাদক ক’লোঁ যে এইডাল মোৰ জেভলিন৷ মই এতিয়া থ্র’ কৰিবলৈ যাব লাগে৷ অৱশ্যে আর্ছাদে লগে লগে মোক মোৰ জেভলিন ঘূৰাই দিয়ে৷ সেয়েহে প্রথমটো প্রচেষ্টাত মই খৰখেদা কৰিবলগীয়া হৈছিলোঁ৷

আর্ছাদক প্রশংসা কৰি নীৰজ চোপ্রাই কয় যে কোৱালিফায়িং ৰাউণ্ডত আর্ছাদে উন্নত প্রদর্শন দাঙি ধৰিছিল৷ ফাইনেলতো তেওঁ ভাল প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ ভৱিষ্যতে তেওঁ আন্তঃৰাষ্ট্রীয় পর্যায়ত আৰু অধিক উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব৷ পাকিস্তানৰ নাগৰিকে আর্ছাদ নদিমক সমর্থন কৰা উচিত৷ জেভলিনৰ জৰিয়তে তেওঁ পাকিস্তানৰ নাম উজলাই তুলিছে৷ সেয়েহে তেওঁক আগবাঢ়ি যোৱাত পাকিস্তানৰ নাগৰিকে সহযোগ কৰাটো প্রয়োজন৷

উল্লেখ্য যে টকিঅ’ অলিম্পিকৰ জেভলিন থ্র’ত আর্ছাদ পদক দখলৰ দাবীদাৰ আছিল যদিও ফাইনেলত তেওঁ ৮৪.৬২ মিটাৰ দলিয়াই পঞ্চম স্থান অধিকাৰ কৰে৷

You might also like