তুষাৰপাতত বন্ধ ২৫০ পথঃ ছিমলা–মানালিলৈ নাযাবলৈ পর্যটকক পৰামর্শ
নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ হিমাচল প্রদেশত তীব্র তুষাৰপাতে বিঘিনি ঘটাইছে সাধাৰণ জীৱনযাত্রাত৷
পর্যটকৰ বাবে আকর্ষণীয় ৰাজ্যখনৰ ছিমলা আৰু মানালিত এই তুষাৰপাতে ২৫০টাকৈ অধিক পথ বন্ধ কৰি পেলাইছে৷ যাৰ বাবে ৰাজ্যখনৰ আৰক্ষীয়ে পর্যটকক ছিমলা আৰু মানালিলৈ ভ্রমণ নকৰিবলৈ পৰামর্শ আগবঢ়াইছে৷
এই চহৰ দুখনৰ বাসিন্দাসকলক সন্ধিয়া ৫ বজাৰ আগে আগে ঘৰলৈ উভতিবলৈও ৰাজ্যখনৰ আৰক্ষীয়ে আহ্বান জনাইছে৷