মানঃ ইউনাইটেডলৈ ৰ’নাল্ডো
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ বিশ্ব ফুটবলৰ অন্যতম ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোক পুনৰ এবাৰ ইংলিছ প্রিমিয়াৰ লীগত দেখিবলৈ পোৱা যাব৷ পর্তুগালৰ ৩৬ বছৰীয়া তাৰকা ষ্ট্রাইকাৰগৰাকী জুভেণ্টাছ ত্যাগ কৰি মানচেষ্টাৰ ইউনাইটেডৰ শিবিৰত যোগ দিবলৈ সাজু হৈছে৷ মানচেষ্টাৰ ইউনাইটেডে আজি এক বিবৃতিত প্রকাশ কৰিছে যে তেওঁলোকে ৰ’নাল্ডোক জুভেণ্টাছৰ পৰা ক্রয় কৰিবলৈ নতুন চুক্তি সম্পন্ন কৰিছে৷ ৰ’নাল্ডোক আদৰিবলৈ মানচেষ্টাৰ ইউনাইটেড পৰিয়াল আগ্রহেৰে অপেক্ষা কৰিছে বুলিও দলটোৱে উল্লেখ কৰিছে৷
মনকৰিবলগীয়া যে ২০০৩ৰ পৰা ২০০৯লৈ ছুপাৰষ্টাৰগৰাকীয়ে মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলি ৮টা গুৰুত্বপূর্ণ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷ মানচেষ্টাৰ ইউনাইটেডত থকাৰ সময়তে তেওঁ প্রথমবাৰৰ বাবে বিশ্বৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰিছিল৷ মন কৰিবলগীয়া যে জুভেণ্টাছৰ তাৰকাগৰাকীক পাবলৈ মানচেষ্টাৰ ইউনাইটেড আৰু মানচেষ্টাৰ চিটীৰ মাজত তীব্র যুঁজ চলিছিল৷ কিন্তু শেষ মুহূর্তত মানচেষ্টাৰ চিটী দৌৰৰ পৰা আঁতৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে ২০০২ৰ পৰা ধাৰাবাহিকভাৱে ক্লাব ফুটবলত দুর্দান্ত প্রদর্শনেৰে ফুটবলপ্রেমীৰ মন জয় কৰা ৰ’নাল্ডোৱে ২০০৩ৰ পৰা ২০০৯লৈ মানচেষ্টাৰ ইউনাইটেড, ২০০৯ৰ পৰা ২০১৮লৈ ৰিয়েল মাদ্রিদৰ হৈ খেলিছিল৷ ২০১৮ৰ পৰা বর্তমানলৈ তেওঁ ইটালীৰ আগশাৰীৰ ক্লাব জুভেণ্টাছৰ সৈতে চুক্তিবদ্ধ হৈ আছে৷