নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডি’ কনফাৰেঞ্চৰ মাধ্যমেৰে জালিয়ানৱালা বাগ স্মাৰকৰ পুনর্নির্মিত চৌহদ দেশবাসীলৈ উৎসর্গা কৰে৷ অনুষ্ঠানত তেওঁ স্মাৰকৰ সৈতে সংলগ্ণ মিউজিয়াম গেলাৰীও উদ্বোধন কৰে৷ জালিয়ানৱালা বাগৰ পৱিত্র ভূমিৰ প্রতি সন্মান জনাই প্রধানমন্ত্রীয়ে কয় যে ১৯১৯ চনৰ ১৩ এপ্রিলৰ দিনটো ভাৰতৰ স্বাধীনতা সংগ্রামৰ অবিস্মৰণীয় কাহিনী হৈ ৰ’ব৷ এই ত্যাগৰ ফলতে আজি আমি স্বাধীনতা দিৱস উদ্যাপন কৰিব পাৰিছোঁ৷ স্বাধীনতাৰ সপোন বুকুত বান্ধি জালিয়ানৱালা বাগত প্রাণত্যাগ কৰা শিশু, কিশোৰ–কিশোৰী, যুৱক–যুৱতীৰ ত্যাগক আজিও দেশবাসীয়ে শ্রদ্ধাৰে সোঁৱৰণ কৰে বুলি মোদীয়ে উল্লেখ কৰে৷ ইফালে, বিশ্বৰ যিকোনো প্রান্তত বিপদৰ সন্মুখীন হোৱা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিবলৈ ভাৰত সংকল্পবদ্ধ বুলি প্রধানমন্ত্রী মোদীয়ে আজি দৃঢ়তাৰে উল্লেখ কৰে৷ তেওঁ লগতে কয় যে শেহতীয়াকৈ আফগানিস্তানত প্রাণৰ শংকাত ভোগা ভাৰতীয় নাগৰিকসকলক ভাৰত চৰকাৰে বিভিন্ন প্রত্যাহ্বান নেওচি দেশলৈ ওভতাই আনিছে৷