হানী সিঙক আদালতত হাজিৰ হোৱাৰ নির্দেশ
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ গার্হস্থ্য হিংসা গোচৰত গায়ক হানী সিঙক সোঁ–শৰীৰে আদালতত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷ গায়কগৰাকীৰ পত্নী চালিনী তলৱাৰে দাখিল কৰা এক গার্হস্থ্য হিংসাৰ গোচৰত আজি দিল্লী আদালতত হানী সিং হাজিৰ হ’ব লাগিছিল যদিও স্বাস্থ্যৰ অজুহাত দেখুৱাই উপস্থিত নাথাকিল৷ এই কাৰণে দিল্লী মেট্র’পলিটান দণ্ডাধীশ তানিয়া সিঙে কোনো আইনৰ ঊর্ধ্বত নহয় বুলি পৰৱর্তী শুনানিৰ সময়ত সোঁ–শৰীৰে হানী সিঙক উপস্থিত থাকিবলৈ নির্দেশ দিয়ে৷