কাবুলস্থিত চিআইএৰ ঈগল বেছ উৰুৱাই দিলে মার্কিন সেনাই
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ ৩১ আগষ্টত আফগানিস্তান এৰাৰ পূর্বেই আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাই কাবুলস্থিত চিআইএৰ ঈগল বেছ বিস্ফোৰণেৰে উৰুৱাই দিলে৷ নিউয়র্ক টাইমছত প্রকাশিত বাতৰি মতে, কাবুল বিমানবন্দৰৰ বাহিৰত থকা চিআইএৰ নিৰীক্ষণ চকীটো মার্কিন সেনাই উৰুৱাই দিছে৷ আইছিছে আত্মঘাতী আক্রমণেৰে কাবুল বিমানবন্দৰৰ বাহিৰত ১৩ মার্কিন সেনাসহ ১৭০জনৰ প্রাণকাঢ়ি লোৱাৰ কেইঘণ্টামানৰ পাছতে মার্কিন সেনা বাহিনীয়ে চিআইএৰ অন্তিমটো শিবিৰ বোমাৰে উৰুৱাই দিয়ে৷ তালিবানে আফগানিস্তান দখল কৰাৰ সময়তো কাবুল বিমানবন্দৰৰ নিয়ন্ত্রণত ৰখা আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাই নিজৰ দেশৰ লগতে আফগান নাগৰিকক বিদেশলৈ প্রত্যর্পণ অভিযান চলাই আছে৷ এই অভিযান ৩১ আগষ্টৰ পূর্বে অন্ত পৰিবলৈ তালিবানে সকীয়নি প্রদান কৰাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্রই বিমানবন্দৰৰ বাহিৰত থকা চিআইএৰ কার্যালয়ৰ সকলো নথি–পত্র, সা–সঁজুলি বোমাৰে উৰুৱাই দিয়ে৷