নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সবৰীমালাৰ গোচৰৰ বাবে নতুন বিচাৰপীঠ

৯গৰাকী ন্যায়াধীশে গ্রহণ কৰিব শুনানি

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ সবৰীমালা মন্দিৰৰ গোচৰৰ শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৯জনীয়া বিচাৰপতিৰ এক নতুন বিচাৰপীঠ গঠন কৰিছে ৷ দেশৰ মুখ্য ন্যায়াধীশ এছ এছ ব’বদে নেতৃত্বাধীন বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰিব ১৩ জানুৱাৰীত ৷ বিচাৰপীঠখনত স্থান লাভ কৰা অন্য ন্যায়াধীশকেইগৰাকী হৈছে–আৰ বানুমতি, এল নাগেশ্বৰ ৰাও, অশোক ভূষণ, মোহন এম সান্তনাগৌডাৰ, এছ আব্দুল নজীৰ, আৰ সুভাষ ৰেড্ডী, বি আৰ গাভাই আৰু সূর্য কান্ত ৷ লক্ষণীয়ভাৱে এই নতুন বিচাৰপীঠখনত ন্যায়াধীশ বানুমতি হৈছে একমাত্র মহিলা সদস্য ৷ স্মর্তব্য যে পূর্বে দুগৰাকী ন্যায়াধীশ আৰএফ নাৰিমান আৰু ডিৱাই চন্দ্রচূড়ে সবৰীমালা মন্দিৰত মহিলাৰ প্রৱেশৰ সপক্ষে ৰায়দান কৰিছিল ৷ কিন্তু নতুন বিচাৰপীঠত সবৰীমালা গোচৰৰ পূর্বৰ ৰায় কেতিয়াও অংশ হিচাপে বিবেচনা কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে মুখ্য ন্যায়াধীশে ৷ সেইদৰে পূর্বে মহিলাৰ প্রৱেশৰ ক্ষেত্রত বিৰোধিতা কৰা ন্যায়াধীশ ইন্দু মালহোত্রাৰ বক্তব্যও নতুন বিচাৰপীঠখনত গ্রহণযোগ্য নহয় ৷ স্মর্তব্য যে ২০১৮ চনত ৫জনীয়া বিচাৰপীঠে কেৰালাৰ সবৰীমালা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্রৱেশ অনুমতি দিয়াৰ সপক্ষে ৰায়দান কৰিছিল ৷ পৰম্পৰাগতভাৱে সবৰীমালাৰ আয়াপ্পা মন্দিৰত ১০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ মহিলাৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ কৰি অহা হৈছিল ৷

You might also like