নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ বিজেপিৰ প্রাক্তন ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক চন্দন মিত্রৰ কালি নিশা দেহাৱসান ঘটিছে৷ ‘দ্য পাই’নিয়াৰ’ কাকতৰ প্রাক্তন সম্পাদক চন্দন মিত্র দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল৷ ২০১৮ চনত বিজেপি ত্যাগ কৰি তৃণমূল কংগ্রেছত যোগদান কৰিছিল চন্দন মিত্রই৷ ৬৫ বছৰীয়া মিত্রৰ বিয়োগৰ পিছতে তেওঁৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে৷ পুত্র কুশান মিত্রই ছ’চিয়েল মিডিয়া টুইটাৰযোগে পিতৃৰ মৃত্যুৰ সংবাদ প্রকাশ কৰে৷ দুবাৰৰ ৰাজ্যসভাৰ সাংসদ চন্দন মিত্রই ‘দ্য পাই’নিয়াৰ’ কাকতখন নিজেই প্রকাশো কৰিছে৷ চলিত বর্ষৰ জুন মাহত কাকতখনৰ প্রকাশকৰ দায়িত্বৰ পৰা আঁতৰি আহিছিল সাংবাদিকগৰাকীয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মিত্রৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি টুইটাৰযোগে উল্লেখ কৰে যে চন্দন মিত্রক তেওঁৰ মেধা আৰু বৌদ্ধিক লেখাৰ বাবে সকলোৱে স্মৰণ কৰি থাকিব৷